গুৱাহাটী, 2 চেপ্তেম্বৰ:"বদৰুদ্দিন আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লোভ নাই ৷" বুধবাৰে সদনৰ বাহিৰত সংবাদ মাধ্যমযোগে এই বিষয়ে সদৰী কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷ অতি কম দিনৰ ভিতৰতে মুম্বাইৰ পৰা অসম আহি উপস্থিত হ'ব এআইইউিএফৰ সভাপতি বদৰুদ্দিন আজমল ৷ তাৰ পাচতেই মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব এআইইউডিএফ দলে ৷ নিৰ্বাচন সন্দৰ্ভত সকলো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সভাপতি গৰাকী অসমলৈ অহাৰ পাচত ৷ এই বিষয়েও জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷
"এআইইউডিএফৰ সৈতে মিত্ৰতা হ'লেই যেন অসমৰ সাংঘতিক কিবা এটা ক্ষতি হ'ব, এইয়া যেন অসম বিৰোধী ৷ আজমল মুখ্যমন্ত্ৰী হ'ব বুলি অপপ্ৰচাৰ চলাই উজনি অসমত সাম্প্ৰদায়িক বিভাজন কৰিব বিচৰা হৈছিল ৷ বিগত দুই-তিনিটা নিৰ্বাচনতো একাংশ ৰাজনৈতিক দলে এই কৌশলেই ব্যৱহাৰ কৰিলে ৷ এনে কৌশল অৱলম্বন কৰি একাংশ ৰাজনৈতিক দলে ৰাইজক, এআইইউডিএফৰ মিত্ৰতাক আঁকোৱালি নোলোৱাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ কৰা চেষ্টা কেতিয়াও সফল নহয়" বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷