গুৱাহাটী,16 জুন:তিনিচুকীয়াৰ বাঘজানৰ ঘটনা সম্পৰ্কে মৰ্মাহত সাংসদ বদৰুদ্দিন আজমল । সাংসদগৰাকীয়ে মঙলবাৰে বাঘজানৰ ক্ষতিগ্ৰস্তলৈ আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা 10লাখ টকাৰ পেকেজ ঘোষণা কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত ফাউণ্ডেচনৰ প্ৰতিনিধি উপস্থিত থাকি পৰিৱেশ পৰিদৰ্শন কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত থাকি ৰাইজক সহায় আগবঢ়াইছে স্থানীয় কংগ্ৰেছী বিধায়কগৰাকীয়ে ৷ বুধবাৰে বাঘজানবাসীৰ মাজত সাহায্য বিতৰণ কৰাৰ কথাও প্ৰকাশ কৰে সাংসদ বদৰুদ্দিন আজমলে ।
বাঘজানৰ ক্ষতিগ্ৰস্তলৈ আৰ্থিক অনুদান আজমল ফাউণ্ডেচনৰ - Ajmal Foundation
তিনিচুকীয়াৰ বাঘজানৰ ক্ষতিগ্ৰস্তলৈ আৰ্থিক অনুদান আগবঢ়াইছে আজমল ফাউণ্ডেচনে ৷ অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়াললৈ ফাউণ্ডেচনে 50,000 টকাৰ সাহায্য আগবঢ়োৱাৰ বিপৰীতে ক্ষতিগ্ৰস্ত পৰিয়াললৈ আগবঢ়াব 10 লাখ টকা ৷
বাঘজানৰ ক্ষতিগ্ৰস্তলৈ আৰ্থিক অনুদান
উল্লেখ্য যে,অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়াললৈ ফাউণ্ডেচনে 50,000 টকাৰ সাহায্য আগবঢ়োৱাৰ বিপৰীতে ক্ষতিগ্ৰস্ত পৰিয়াললৈ আগবঢ়াব 10লাখ টকা ৷ সাংসদগৰাকীয়ে চৰকাৰক ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 10লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে ৷
লগতে চাওকঃনিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল যাত্ৰীবাহী বাছ