অসম

assam

ETV Bharat / state

NHPC impact : সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি পেলোৱাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ সাংসদ অজিত কুমাৰ ভূঞাৰ - NHPC impact on Subansiri river

শীঘ্ৰে ভাঙি পেলাব লাগে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প । এই দাবী ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ । ইতিমধ্যে এই দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে সাংসদগৰাকীয়ে ।

NHPC impact
সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি পেলোৱাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অজিত কুমাৰ ভূঞাৰ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:18 PM IST

সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি পেলোৱাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অজিত কুমাৰ ভূঞাৰ

গুৱাহাটী, ২৯ অক্টোবৰ :পাহাৰৰ ভূমিস্খলনত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ টানেল বন্ধ হৈ সোৱণশিৰি নদীৰ গতি ৰুদ্ধ হোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ তথা জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাই । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ভূঞাই কয় যে এই দুর্ভাগ্যজনক ঘটনা বিজেপিৰ কৰ্পোৰেট তথা পুজিপঁতিৰ প্ৰতি অহেতুক প্ৰেমৰ চূড়ান্ত ফল ।

বিজেপি চৰকাৰে খিলঞ্জীয়াৰ মাটি-ভেটি ৰক্ষা কৰাৰ কথা কৈ অৱশেষত ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপ-নৈখন হত্যা কৰি পেলালে । নিমিষতে ধ্বংস হৈ গ'ল ধুনীয়া সোৱণশিৰিৰ জৈৱ-বৈচিত্র্য । অতি প্ৰতাৰক বিজেপি চৰকাৰে ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি শাসনলৈ আহিছিল বুলিও উল্লেখ কৰে অজিত কুমাৰ ভূঞাই । কিন্তু শাসনলৈ অহাৰ পাছতে ৰাইজৰ দাবীত বন্ধ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পূর্ণ গতিত কৰিবলৈ ল'লে ।

কোনোৱে ইয়াৰ বিৰুদ্ধে মাত মাতিলেই জে'ললৈ নিক্ষেপ কৰা হয় অথবা বিভিন্ন অত্যাচাৰ নমাই অনা হয় । ইয়াৰ ফলাফল হিচাপে আমাৰ সন্মুখত সোৱণশিৰি নদীৰ অকাল মৃত্যু হ'ল, সোৱণশিৰিৰ জৈৱ-বৈচিত্র্য চিৰদিনৰ কাৰণে ধ্বংস হৈ পৰিল বুলি উদ্বেগ প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷ অজিত কুমাৰ ভূঞাই পুনৰ সোঁৱৰাই দি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমইি কৈছিল যে বিজেপি চৰকাৰ থাকিলে অসমীয়া জাতি চিৰদিনৰ কাৰণে বাচি থাকিব । কিন্তু তথাকথিত উন্নয়নৰ নামত চাৰিওফালে গছ-গছনি কাটি, পাহাৰ কাটি, বৃহৎ নদীবান্ধ লবীক সন্তুষ্ট কৰাৰ কাৰণে নদী ধ্বংস কৰি মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ধ্বংসৰ সম্পূৰ্ণ পৰিকল্পনা যুগুত কৰি তুলিছে বুলিও তেওঁ অভিযোগ কৰে ।

তেওঁ অভিযোগ কৰা মতে ২৬ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৭ অক্টোবৰৰ পুৱা ৭ বজালৈ ১৮ ঘণ্টাৰ বাবে সোৱণশিৰি নদীৰ পানীৰ সোঁত বন্ধ হৈ থাকিল, অথচ চৰকাৰে এন.এইছ.পি.চি (NHPC)ৰ বিৰুদ্ধে এষাৰো মাত নামাতিলে । নামনিৰ মানুহৰ জীৱন-জীৱিকাৰ কথা অলপো নভবা প্রশাসনে ৰাইজক সতৰ্ক কৰি দিছে সন্ধিয়া ৫.৩০ বজাত অর্থাৎ ঘটনা সংঘটিত হোৱাৰ কেইবা ঘণ্টাৰ পাছত । এয়া অক্ষমনীয় অপৰাধ বুলিও তেওঁ অভিযোগ কৰে ।

সংবাদমেলত তেওঁ দাবী কৰে যে এন.এইছ.পি.চিৰ প্ৰকল্পটো ভাঙি পেলাব লাগে আৰু এন.এইছ.পি.চিৰ প্ৰতি বিজেপি চৰকাৰৰ কিয় ইমান দৰদ সেই কথাটো অসমৰ ৰাইজে বিজেপি চৰকাৰক জবাবদিহি কৰিব লাগে । পূৰ্বৰ চৰ্ত অনুসৰি সোৱণশিৰি নদীৰ প্ৰাকৃতিক অৱস্থাৰ স্বাৰ্থত সদায় বান্ধৰ পৰা ২৪০ কিউবিক চেণ্টিমিটাৰ পানী প্ৰতি ছেকেণ্ডত এৰি দিয়াৰ প্ৰস্তাৱ আছিল । কিন্তু ১৮ ঘণ্টা পানীৰ সোঁত সম্পূর্ণ বন্ধ হৈ থাকিল । অৱশ্যে এয়া আৰম্ভণিহে বুলি সতৰ্ক কৰি দিয়ে সাংসদগৰাকীয়ে । ভৱিষ্যতে এনেকুৱা ঘটনা আৰু সংঘটিত হৈ থাকিব বুলিও দাবী কৰে ।

বাৰিষা টানেল বন্ধ হৈ গ'লে যিকোনো মুহূৰ্তত বান্ধ ভাঙি পৰাৰো সম্ভাৱনা আছে বুলি তেওঁ দাবী কৰে । গতিকে হাজাৰ হাজাৰ মানুহৰ জীৱনৰ স্বাৰ্থত, সোৱণশিৰি নদী ৰক্ষাৰ স্বাৰ্থত এই বান্ধটো অকাৰ্যক্ষম কৰি দিব লাগে বুলি তেওঁ দাবী কৰে । কেৱল ২০ হাজাৰ কোটিৰ কাৰণে লখিমপুৰ, ধেমাজি, মাজুলীৰ হাজাৰ হাজাৰ মানুহৰ জীৱন ধ্বংস কৰা হ'ব আৰু এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰি বুলি সাংসদগৰাকীয়ে দাবী কৰে । তেওঁৰ মতে এই বান্ধৰ পৰা অসমৰ মানুহৰ একো লাভ নাই । কেৱল ২৫ মেগাৱাট বিদ্যুৎহে অসমে বিনামূলীয়াকৈ পাব ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ জৰুৰীভাৱে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে বুলিও তেওঁ উল্লেখ কৰে । পত্ৰৰ জৰিয়তে এই বান্ধটো অপৰিকল্পিত আৰু ইয়াক ভাঙি পেলাব লাগে বুলিও তেওঁ দাবী জনায় ।

লগতে পঢ়ক :Majuli Ferry Services Suspended : শুকাইছে সোৱণশিৰি; বন্ধ হৈ পৰিছে যন্ত্ৰচালিত ফেৰীৰ চলাচল

ABOUT THE AUTHOR

...view details