গুৱাহাটী, ২০ জুলাই: ইতিমধ্যে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই সদ্যহতে সাংসদ হিচাপে শপত গ্ৰহণ নকৰে । সোমবাৰে ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰে অজিত ভূঞাই ৷
২২ জুলাইত সাংসদ হিচাপে শপত নলয় অজিত কুমাৰ ভূঞাই - ২২ জুলাইত সাংসদ হিচাপে শপত নলয় অজিত কুমাৰ ভূঞাই
সংসদৰ পৰৱৰ্তী অধিবেশনতহে অজিত কুমাৰ ভূঞাই সাংসদৰ শপতবাক্য পাঠ কৰিব

লগতে পঢ়কঃকৰ’ণাত আক্ৰান্ত দিছপুৰৰ বিধায়ক অতুল বৰা
উল্লেখযোগ্য যে, ৰাজ্যসভালৈ ইতিমধ্যে নিৰ্বাচিত হোৱা তিনি সাংসদ ক্ৰমে বিশ্বজিৎ দৈমাৰী, ভুৱনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞাক ২২ জুলাইত শপত ল'বলৈ সংসদ ভৱনলৈ আমন্ত্ৰণ জনোৱা হৈছিল । সেই অনুসৰি বিশ্বজিৎ দৈমাৰী আৰু ভুৱনেশ্বৰ কলিতাই ২২ জুলাইত শপত গ্ৰহণ কৰিব যদিও সদ্যহতে কৰ'ণা পৰিস্থিতিৰ বাবে শপত ল'বলৈ দিল্লীলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই ।
উল্লেখ্য যে, ইয়াৰ পৰিবৰ্তে সংসদৰ পৰৱৰ্তী অধিবেশনতহে অজিত কুমাৰ ভূঞাই সাংসদৰ শপতবাক্য পাঠ কৰিব ।