গুৱাহাটী, ৩১মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত বিজেপি আৰু মিত্ৰজোট নিশ্চিত হৈছে যে এইবাৰ চৰকাৰ গঠন কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহ'ব । ধৰ্মীয় মেৰুকৰণেৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি অৱতীৰ্ণ হৈছিল । কিন্তু সফল হব নোৱাৰিলে । এই মন্তব্য সাংসদ তথা মহাজোঁটৰ অংশীদাৰ অজিত কুমাৰ ভূঞাৰ । বুধবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ ভূঞাই কয় যে, প্ৰথম পৰ্যায়ৰ ভোট দেখি বিজেপি অস্থিৰ হৈছে, সেয়া তেওঁলোকৰ বিজেপিৰ নেতাসকলৰ মন্তব্যত প্ৰকাশ পাইছে ৷ একমাত্ৰ ভোটৰ স্বাৰ্থতে বিজেপিয়ে লুটিবাগৰ মৰাৰ লগতে বিজেপিৰ প্ৰতি এতিয়া মুছলমান প্ৰীতি জাগি উঠিছে বুলি কটাক্ষ কৰে সাংসদ ভূঞাই ৷ তদুপৰি সংবাদমাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যত মোগল দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনায় ভূঞাই ৷
ইপিনে, ৰাজস্থানৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইনৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত সাংসদ ভূঞাই কয় প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মহোজোঁটবন্ধনে যথেষ্ট ভাল ফলাফল কৰিব বুলি মন্তব্য কৰি বিজেপি আৰু মিত্ৰজোঁট আগন্তুক নিৰ্বাচনত ধূলিস্যাৎ হ'ব বুলিও দাবী কৰে ভূঞাই ৷ কিন্তু অজিত কুমাৰ ভূঞাৰ এই মন্তব্যৰ পিচতে বাক্যবাণ এৰিলে প্ৰভাৱশালী মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ৷