অসম

assam

ETV Bharat / state

কাগজ কল নিলাম সন্দৰ্ভত চৰকাৰক তীব্র সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ - বিনামূলীয়াকৈ চিকিৎসা সেৱা

অসমৰ দুটাকৈ কাগজ কল বিক্ৰী কৰিবলৈ সাজু হৈছে চৰকাৰ ৷ এই উপলক্ষে সংবাদমেল সম্বোধন আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৷

ajit kumar bhuyan press meet at hotel lili
কাগজ কল নিলাম সন্দৰ্ভত চৰকাৰক তীব্র সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

By

Published : Jun 4, 2021, 9:38 PM IST

গুৱাহাটী, ৪ জুন : ‘‘দক্ষ মুখ্যমন্ত্ৰীৰ দিনত অসমৰ দুটাকৈ কাগজ কল পানীৰ দৰত বিক্ৰী কৰিবলৈ সাজু হৈছে । কেৱল ফাঁকিৰে চলিছে বিজেপি চৰকাৰ ।’’ শুকুৰবাৰে মহানগৰীৰ হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰি এনেদৰে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷

সংবাদমেলত ভূঞাই চৰকাৰৰ জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্ৰামৰ কাছাৰ কাগজ কল বিক্ৰীৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে । তেওঁ কয় যে জাগীৰোডৰ নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে হঠাতে সন্মুখীন হৈ অহা আৰ্থিক সংকটক হয়তো বিজেপি চৰকাৰে বুজিব নোৱাৰে । লাভজনকভাৱে চলি থকা কাগজ কলটোৰ উৎপাদন হঠাৎ বন্ধ কৰি দিয়া হ’ল । হাহাকাৰ লাগিছিল ৩০০০ কৰ্মচাৰীৰ মাজত ।

নিৰ্বাচনৰ আগতে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে চিঞৰি চিঞৰি কৈছিল যে জাগীৰোড আৰু কাছাৰৰ কাগজ কল দুটা পুনৰ জীয়াই তুলিব । এই বাণী শুনি অসমৰ বহু ৰাইজৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে তাল মিলাই নাচিছিল । কিন্তু সেই সকলো মিছা প্ৰতিপন্ন কৰি দুদিনৰ পাছত খবৰ পোৱা গ’ল যে সেই কাগজ কল দুটা নিলামত যাব ।

আনহাতে কেৰালা, তামিলনাডু, দিল্লীৰ দক্ষতাৰ প্ৰসংগত উদাহৰণ দি সাংসদ গৰাকীয়ে কয় যে কেৰালা, তামিলনাডুৰ নিচিনা ৰাজ্যই বিনামূলীয়াকৈ ক’ভিড চিকিৎসা সেৱা কৰি থকা দেখা পোৱা গৈছে । চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয় সমূহে সকলো ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আছে । দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত চিকিৎসা ব্যৱস্থাত চৰম বিশৃংখলতা আজিও বিদ্যমান । ভেকচিনেচনৰ ক্ষেত্ৰত অসমৰ শতকৰা হাৰ পুতৌজনক । উল্লেখ্য যে, শুকুৰবাৰে সম্বোধন কৰা এই সংবাদমেলত অজিৎ ভূঞাৰ লগতে মনজিৎ মহন্ত আৰু মেহদী আলম বৰাও উপস্থিত আছিল ।

লগতে পঢ়ক:নিনং এৰিঙৰ সমৰ্থনত উত্তৰ পূৱৰ ছাত্ৰ সমাজৰ ‘টুইটাৰ ষ্টৰ্ম’

ABOUT THE AUTHOR

...view details