মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে: অজিত কুমাৰ ভূঞা গুৱাহাটী,২৬ এপ্ৰিল: সাংসদ পুঁজিৰ কেলেংকাৰীৰ অভিযোগত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মুখ্যমন্ত্রী তদাৰকী কোষ তথা চি এম ভিজিলেন্সে (CM Vigilance allegation against Ajit Bhuyan) । প্রাথমিক তদন্তৰ অন্তত চি এম ভিজিলেন্সে গৃহ বিভাগৰ অনুমোদন সাপেক্ষে ৭ কোটিটকীয়া সাংসদ পুঁজিৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত মঙলবাৰে সাংসদসহ মুঠ ১৪জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে (MP FUND scam Assam) ।
চি এম ভিজিলেন্সে ২/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই । বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ ভূঞাই কয় যে, তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে । গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰ ৷ কোনে আৰু কেতিয়া এই অভিযোগ আনিছে সেয়া মন কৰিলে সকলো স্পষ্ট হ'ব বুলি তেওঁ কয় (Ajit Kumar Bhuyan on MP FUND scam case) ।
তেওঁ লগতে কয় যে, সাংসদ পুঁজি ব্যৱহাৰৰ এক গাইড লাইন আছে । গাইড লাইনৰ ভিত্তিত ধন ব্যয় হৈছে । তেনে সময়ত মুখ্যমন্ত্ৰীয়ে সকলোবোৰ কথা জনাৰ পিছতো এনে কাৰ্যৰ আঁৰত কি থাকিব পাৰে সেয়া স্পষ্ট হৈছে বুলি তেওঁ কয় । তেওঁ কয়, "এইটো নতুন কথা নহয় । মোৰ নাম অহাটো । ইয়াৰ আগতে চি এম ভিজিলেন্সে লৈছে । মই বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো । এই বিষয়ত আজি এই মুহুৰ্তত একো ক'ব খোজা নাই । আগতে কাগজ-পত্র বিলাক চাই লম ।"
তেওঁ কয় যে ষড়যন্ত্র চলি থাকিলেও তেওঁ সদায় গণতন্ত্ৰ আৰু সত্যৰ পক্ষত থাকিব । প্ৰশ্ন কৰাৰ ক্ষেত্রত কেতিয়াও আপোচ নকৰো বুলি তেওঁ কয় । সাংসদ পুঁজিৰ অপব্যৱহাৰ হৈছে নে নাই সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেইটো তেওঁৰ দায়িত্ব নহয় । তাত সাংসদগৰাকীৰ কোনো ভূমিকা নাই । চাৰিওফালৰ পৰা ষড়যন্ত্র চলিছে । এতিয়া তীব্ৰতৰ হৈছে । এনে গোচৰ তথা ভয় ভাবুকিয়ে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক:Formalin used in Fish: ফৰ্মেলিনযুক্ত মাছেৰে মৃত্যুৰ মুখলৈ ঠেলি দিছে অসমবাসীক !