অসম

assam

ETV Bharat / state

ৰাজ্যসভাঃ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব পাৰে অজিত কুমাৰ ভূঞা

ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব পাৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা ৷ শুকুৰবাৰে সাংবাদিক গৰাকীয়ে বিধানসভা সচিবালয়ৰ পৰা সংগ্ৰহ কৰে মনোনয়ন পত্ৰ ৷

অজিত কুমাৰ ভূঞা
ৰাজ্যসভাঃ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব পাৰে অজিত কুমাৰ ভূঞা

By

Published : Mar 6, 2020, 11:27 PM IST

গুৱাহাটী, ৬ মাৰ্চঃ ৰাজ্যসভাত খালি হবলগীয়া তিনিখন আসনৰ ভিতৰত তৃতীয়খন আসন বিৰোধী যদিহে ঐক্যবদ্ধ হয় তেন্তে সংখ্যাৰ ফালৰ পৰা বিৰোধীয়ে নিজৰ হাতত ৰাখিব পৰাটো নিশ্চিত । কিন্তু প্ৰশ্ন উঠিছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হব কোন ? চৰ্চালৈ আহিছে কেইবাজনৰো নাম । তাৰ ভিতৰত অন্যতম হৈছে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা । এই চৰ্চাৰ মাজতেই শুকুৰবাৰে সাংবাদিক অজিত কুমাৰ ভূঞাই বিধানসভা সচিবালয়ৰ পৰা সংগ্ৰহ কৰে মনোনয়ন পত্ৰ । স্বাভাৱিকতে ভূঞাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ কাৰ্যই তাৎপৰ্য বহন কৰিছে ।

ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও মন্তব্য কৰিছে যে, কংগ্ৰেছে জয়ন্ত বৰুৱা বা অজিত কুমাৰ ভূঞাৰ কোনোবা এজন উমৈহতীয়া প্ৰাৰ্থী হোৱাৰ পোষকতা কৰে ।

আৰু পঢ়কঃ নিৰ্বাচন সমূখত থাকিলে বাজেটত ইয়াৰ প্ৰতিফলন ঘটিবইঃ কুমাৰ দীপক দাস

ABOUT THE AUTHOR

...view details