গুৱাহাটী,১১ এপ্ৰিল: সদ্যসমাপ্ত নিৰ্বাচনৰ ২ মে'ত হ'বলগীয়া ভোট গণনা প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ নিশ্চয়তা বিচাৰি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্র প্ৰেৰণ কৰিছে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই । সাংসদ ভূঞাই দেওবাৰে মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা পত্রত ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্রত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।
২০২০ চনত বিহাৰ নিৰ্বাচনৰ ভোট গণনাৰ সময়ত হোৱা বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰি সাংসদ ভূঞাই কয়, সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো চৰকাৰী আমোলা-বিষয়াৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে । তেনেস্থলত আমোলা-বিষয়াসকলৰ ওপৰত শাসকীয় দলে প্ৰভাৱ বিস্তাৰ কৰাৰ আশংকা থাকে । তদুপৰি ক্ষমতাৰ প্ৰভাৱ খটুৱাই ভোট গণনাত পক্ষপাতিত্ব কৰি খেলি-মেলি কৰিব পাৰে । নিকা আৰু স্বচ্ছ ভোট গণনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ লগতে ভোট গণনাৰ সমস্ত প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফীত আৱদ্ধ কৰিব লাগে । যাতে পুনৰ গণনাৰ প্ৰয়োজন হ'লে চাব পৰা যায় ।