অসম

assam

ETV Bharat / state

উপ-নিৰ্বাচনত গণতন্ত্ৰৰ নামত বহুৱালি হৈছে : অজিত কুমাৰ ভূঞা - নিৰ্বাচন আয়োগ

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে অজিত কুমাৰ ভূঞাই ৷ সংবাদমেলত তেওঁ কয়, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰোধী দলবোৰে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিলে । নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী দিলে । মানুহৰ চকুত ধূলি মৰাৰ কাৰ্য এয়া ।

ajit bhuyan reacts on by election of assam
উপ-নিৰ্বাচনত গণতন্ত্ৰৰ নামত বহুৱালি হৈছে

By

Published : Oct 27, 2021, 8:48 PM IST

গুৱাহাটী, ২৭ অক্টোবৰ:'নিৰ্বাচন আয়োগৰ স্থিতি থাকিব লাগে । নিৰ্বাচন আয়োগ স্বাতন্ত্ৰ অনুষ্ঠান হ'ব লাগে । কিন্তু নিৰ্বাচন আয়োগ চৰকাৰৰ সম্পূৰ্ণ পুতলাত পৰিণত হৈছে ।' এই মন্তব্য ৰাজ্যসভাৰ সাংসদ আঞ্চলিক গণমৰ্চাৰ সভাপতি অজিত ভূঞা ।

উপ-নিৰ্বাচনত গণতন্ত্ৰৰ নামত বহুৱালি হৈছে

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে অজিত কুমাৰ ভূঞাই ৷ সংবাদমেলত তেওঁ কয়, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰোধী দলবোৰে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিলে । নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী দিলে । মানুহৰ চকুত ধূলি মৰাৰ কাৰ্য এয়া । নিৰ্বাচন আয়োগ শাসক দলৰ পিছত যি ধৰণে তৈল্যমৰ্দনত লাগিছে সেই কাৰণে মুখ্যমন্ত্ৰীয়ে উপলুঙা কৰিব পাৰিছে ।

লগতে পঢ়ক:ফৰেনছিক ৰিপ’ৰ্টত পোৱা গৈছে আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট : মহানগৰ আৰক্ষী আয়ুক্ত

মুখ্যমন্ত্ৰীৰ ওপৰত মানুহৰ আশা থাকে । তেওঁৰ আইন, শাসন, গণতান্ত্ৰিক নীতি নিয়মত স্থিতি থাকিব লাগে । আনহাতে তেওঁ উপ-নিৰ্বাচন সম্পৰ্কে কয় যে, উপ-নিৰ্বাচনত গণতন্ত্ৰৰ নামত বহুৱালি হৈছে । মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আয়োগক উপলুঙা কৰিছে । উপ-নিৰ্বাচনত কিহৰ ভয়ত কিহৰ কাৰণে গোটেই প্ৰশাসন উবুৰি খাই পৰিছে তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে অজিত কুমাৰ ভূঞাই ।

উপ-নিৰ্বাচনত ৫ খন আসনক কেন্দ্ৰ কৰি যিবোৰ ঘটনা ঘটিছে সেইবোৰে ভয়াৱহ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে । উপ-নিৰ্বাচনত বিৰোধী ঐক্য এক নোহোৱাৰ বাবে উপ-নিৰ্বাচনত জয় হোৱাৰ সুযোগ লাভ কৰিও হেৰুৱা যেন অনুভৱ হৈছে বুলি মন্তব্য প্ৰকাশ কৰে অজিত ভূঞাই ৷ ইফালে তেওঁ কয় যে, থাওৰা সমষ্টিত আঞ্চলিক গণ মৰ্চাই চি পি আইৰ প্ৰাৰ্থী কৃষ্ণ গগৈক সমৰ্থন আগবঢ়োৱাৰ লগতে বাকীবোৰ সমষ্টিক কংগ্ৰেছক সমৰ্থন আগবঢ়াইছে ৷

উল্লেখ্য যে, সংবাদমেলৰ পূৰ্বে আঞ্চলিক গণ মৰ্চাত বিভিন্ন স্থানৰ পৰা অহা সমাজকৰ্মী, নেতা, শিল্পী প্ৰায় ১০ গৰাকীয়ে যোগদান কৰে ।

লগতে পঢ়ক:প্ৰতিমাহৰ 10 তাৰিখে পালন কৰা হ’ব অংগনবাদী দিৱস

ABOUT THE AUTHOR

...view details