অসম

assam

By

Published : Aug 6, 2021, 10:50 PM IST

ETV Bharat / state

দিল্লীৰ কৃষক আন্দোলনৰ নেতৃত্বৰ কাষত অজিত ভূঞা

কেন্দ্ৰীয় চৰকাৰৰ তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । ইয়াৰ মাজতে বিগত আঠ মাহে আন্দোলন অব্যাহত ৰখা কৃষক নেতাৰ কাষত থিয় দিলে সাংসদ অজিত কুমাৰ ভূঞা ।

ajit-bhuyan-meet-the-leaders-of-farmers-movement-in-delhi
দিল্লীত কৃষক আন্দোলনৰ নেতৃত্বৰ কাষত অজিত ভূঞা

গুৱাহাটী, 6 আগষ্ট : দিল্লীৰ বিভিন্ন সীমান্ত অঞ্চলত বিগত আঠ মাহে আন্দোলন অব্যাহত ৰখা কৃষক নেতাৰ কাষত থিয় দিলে সাংসদ অজিত কুমাৰ ভূঞা । বৃহস্পতিবাৰে কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াই গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত উপস্থিত হয় সাংসদ ভূঞা । প্ৰতিবাদস্থলীত কৃষক নেতা ৰাকেশ টিকেটেৰে বাৰ্তালাপতো মিলিত হয় সাংসদগৰাকী । ভূঞাই শীঘ্ৰেই অসম ভ্ৰমণলৈও আহ্বান জনাই কৃষক নেতাগৰাকীক ।

কেন্দ্ৰীয় চৰকাৰৰ তিনিখন বিতৰ্কিত কৃষি আইনকলৈ (farm law) দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । কিন্তু ২৬ জানুৱাৰীত দিল্লীত হোৱা হিংসাত্মক ঘটনা আৰু কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ (Tractor rally) ফলত দেশৰ ভিন্ন প্ৰান্তত সংঘটিত অনাকাংক্ষিত ঘটনাৰ পিছতে কিছু পৰিমাণে আন্দোলন স্তব্ধ হোৱা দেখা গৈছিল । ইপিনে সজাগতাৰ অভাৱৰ বাবেই অসমত এতিয়াও ৰাইজৰ মাজত কৃষক আন্দোলনটো সোমাব পৰা নাই বুলি অজিত কুমাৰ ভূঞাক অৱগত কৰে ।

লগতে পঢ়কঃগুৱাহাটীত উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ইপিনে অনাগত সময়ত আন্দোলনটো আৰু অধিক তীব্ৰতৰ হ’ব বুলি ৰাকেশ টিকেটে জানিবলৈ দিয়ে সাংসদ অজিত কুমাৰ ভূঞাক । অৱশ্যে শেহতীয়াকৈ কৃষিমন্ত্ৰীয়ে কৃষি আইন কোনো কাৰণতে স্থগিত কৰা নহয় বুলি কোৱাৰ পিছতে পুনৰবাৰ জাঙুৰ খাই উঠিছে কৃষক সংগঠনসমূহ ।

কিছুদিন পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সুৰজেৱালা আৰু ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক দিল্লী আৰক্ষীয়ে আটক কৰে । দিল্লী আৰক্ষীয়ে বিজয় চকৰ পৰা কংগ্ৰেছৰ দুয়োজন নেতাক আটক কৰে । ইয়াৰ পূৰ্বে পুৱাৰে পৰা কৃষক আন্দোলনক সমৰ্থন কৰি অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংসদ ভৱনলৈ যোৱাৰ পথত ট্ৰেক্টৰ চলাই সকলোকে আচৰিত কৰি তোলে ।

ৰাহুলে সংসদত উপস্থিত হৈ কৃষি আইনক ক'লা আইনক কলা আইন আখ্যা দিয়াৰ লগতে ইয়াক তৎক্ষণাৎ প্ৰত্যাহাৰ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়কঃউপটৌকন নাকচ কৰি অপৰাধীক কৰায়ত্ত কৰা দুই আৰক্ষীক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details