অসম

assam

ETV Bharat / state

গগৈ-আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই - aiudf leader

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে মনোনয়ন দাখিল কৰিলে সাংবাদিক অজিত ভূঞাই ৷

Ajit Bhuyan file his nomination for Rajya sabha Election
Ajit Bhuyan file his nomination for Rajya sabha Election

By

Published : Mar 13, 2020, 3:22 PM IST

গুৱাহাটী, ১৩ মাৰ্চ: ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে শুকুৰবাৰে মনোনয়ন দাখিল কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই । মনোনয়ন দাখিলৰ সময়ত সাংবাদিক গৰাকীৰ সৈতে উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল, প্ৰবীণ বাওপন্থী নেতা হেমেন দাস, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, মনজিৎ মহন্ত, বিজেপিৰ দুই প্ৰাক্তন নেতা ক্ৰমে চন্দ্ৰকান্ত দাস, মীৰা বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বহুসংখ্যক বিধায়ক ।

মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই
মনোনয়ন দাখিল কৰি সাংবাদিক ভূঞাই কয় যে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেওঁ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তেওঁ কেৱল বিৰোধীৰে প্ৰাৰ্থী নহয়, সমগ্ৰ জাতীয় শক্তিৰ প্ৰতিনিধি হিচাপে আগবাঢ়ি আহিছে । বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি সমাজখন ভাগ ভাগ কৰিছে বুলিও মন্তব্য কৰে অজিত ভূঞাই । জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে কয় যে, সংবিধানৰ নামত শপত খায় বিজেপিয়ে ধৰ্মীয় ৰাজনীতি কৰি আহিছে ৷ আনহাতে অগপক সুবিধাবাদী আখ্যা দি অগপক কাৰোৰে সৈতে ৰিজাব নোৱাৰি আৰু অগপ নেতৃত্ব বিজেপিত চামিল হোৱাই ভাল বুলি অজিত ভূঞাই মত প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details