অসম

assam

ETV Bharat / state

অজন্তা নেওগৰ বিজেপি গমনক লৈ ৰকিবুল ইছেইনৰ মন্তব্য

অজন্তা নেওগৰ বিজেপি গমন সন্দৰ্ভত ৰকিবুল হুছেইনৰ মন্তব্য ৷ অজন্তা নেওগ সন্দৰ্ভত বহু প্ৰশ্নৰ উত্থাপন কৰিলে ৰকিবুল হুছেইনে ৷

By

Published : Dec 29, 2020, 4:29 PM IST

ajanta-neog-join-bjp-congress-leader-rokibule-hussain-reaction
অজন্তা নেওগৰ বিজেপি গমনক লৈ ৰকিবুল ইছেইনৰ মন্তব্য

গুৱাহাটী, 29 ডিচেম্বৰ : সদ্য কংগ্ৰেছ ত্যাগী প্ৰাক্তনমন্ত্ৰী অজন্তা নেওগৰ বিজেপি গমন সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে ৷ অজন্তা নেওগৰ বিজেপি গমন সন্দৰ্ভত শেহতীয়াকৈ মন্তব্য প্ৰদান কৰিছে কংগ্ৰেছ নেতা তথা প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনে ৷

ৰকিবুল হুছেইনৰ মন্তব্য

ৰকিবুল হুইছেনৰ মন্তব্য অনুসৰি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত অজন্তা নেওগে আগভাগ লৈছিল ৷ মিত্ৰতা সন্দৰ্ভত সকলো আলোচনাতে অজন্তা নেওগে আগফালৰ আসন শুৱনি কৰিছিল ৷

আনহাতে, যিগৰাকী নেত্ৰীয়ে কংগ্ৰেছত থকাৰ সময়ত নাগৰিকত্ব সংশোধনী আইন বাতিৰ কৰাৰ বাবে সন্মুখৰ পৰাই নেতৃত্ব বহন কৰিছিল সেই গৰাকী নেত্ৰীয়ে বৰ্তমান নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত থিয় হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল ইছেইনে ৷

লগতে পঢ়ক :ভাৰতীয় ৰে'লৱে মুকলি কৰিলে Hospital Management Information System (HMIS)

ABOUT THE AUTHOR

...view details