গুৱাহাটী, ২৮ অক্টোবৰ : সংঘাতে চূড়ান্ত পৰ্যায় পালেও কিন্তু নিৰ্বাচনৰ পূৰ্বে মিলন হয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ (Congress AIUDF alliance)। অৱশ্যে এইবাৰ পৰিস্থিতি কিছু পৃথক পৰিলক্ষিত হৈছে । এইবাৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ তিক্ততাপূর্ণ সম্পৰ্কই ২০২৪ৰ লোকসভা নিৰ্বাচনত(Lok Sabha Election 2024) ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত সম্পূৰ্ণ প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে ।
ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বই ভৱিষ্যতে এ আই ইউ ডি এফৰ সৈতে কোনো কাৰণতেই মিত্ৰতা নকৰাৰ দৃঢ় সিদ্ধান্ত লৈছে । ইয়াৰ পাছত এতিয়া হাত সাবটি বহি থাকিব খোজা নাই বদৰুদ্দিন আজমল(Badruddin Ajmal) নেতৃত্বাধীন দলটো । বৰ্তমান কংগ্ৰেছৰ দখলত থকা তিনিওটা সমষ্টি ক্ৰমে বৰপেটা, কলিয়াবৰ আৰু নগাঁৱত সংখ্যালঘু ভোটাৰৰ আধিপত্য আছে ।
এই তিনিটা সমষ্টিৰ উপৰি মঙলদৈত কংগ্ৰেছৰ সংখ্যালঘু ভোট বেংকত আঘাত হানিবলৈ ব্লু প্ৰিণ্ট ৰচনা কৰিছে এ আই ইউ ডি এফে । আনকি উক্ত চাৰিটা সমষ্টিৰ বাবে বদৰুদ্দিন আজমলে যোগ্য প্ৰাৰ্থীৰো সন্ধান কৰিছে । ইতিমধ্যে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ(Sherman Ali Ahmed) এ আই ইউ ডি এফত যোগদান নিশ্চিত হৈ পৰিছে ।
জানিব পৰা মতে শ্বেৰমান আলী আহমেদ বৰপেটা লোক সভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অধিক । উল্লেখ্য যে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ সৈতে শ্বেৰমান আলী আহমেদৰ সম্পৰ্ক অত্যন্ত তিক্ততাপূৰ্ণ । দুয়োজনৰ সংঘাত কংগ্ৰেছৰ অভ্যন্তৰত নতুন নহয় ।
সংখ্যালঘু ভোটাৰৰ আধিপত্যৰ বাবেই ২০১৯ত আব্দুল খালেক বৰপেটাৰ পৰা সাংসদ নিৰ্বাচিত হৈছে । কিন্তু এইবাৰ আব্দুল খালেকক প্ৰতিৰোধ কৰিবলৈ শ্বেৰমান আলী আহমেদে এ আই ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে বৰপেটাত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈ পৰিছে ।
আনহাতে গৌৰৱ গগৈৰ দখলত থকা কলিয়াবৰতো চকু দিছে এ আই ইউ ডি এফে । সংখ্যালঘু ভোটাৰৰ সংখ্যাগৰিষ্ঠতা থকা কলিয়াবৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হ’ব পাৰে বিধায়ক আমিনুল ইছলাম । ধিং সমষ্টিৰ তিনিবাৰৰ বিধায়ক আমিনুল ইছলাম বদৰুদ্দিন আজমলৰ অতি প্ৰিয়পাত্ৰ ।