অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ কঁকাল ভাঙিবলৈ তৎপৰ এ আই ইউ ডি এফ - Congress MLA to join BJP

২০২৪ৰ লোকসভা নিৰ্বাচনত সাতটা সমষ্টিত প্রার্থী দিব এআইইউডিএফ দলে (2024 Lok Sabha election) । দলটোৰ লক্ষ্য শিলচৰ, কৰিমগঞ্জ, কলিয়াবৰ, নগাঁও, মঙলদৈ, বৰপেটা আৰু ধুবুৰী । এটাৰ পাছত আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ আজিও নিমজ্জিত আভ্যন্তৰীণ কন্দলত (Congress plunged into internal turmoil) । ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত হ'ব বিজেপিৰ মহা যোগদান (mega joining programme of Assam BJP) । কংগ্ৰেছৰ কেইবাজনো বিধায়কে যোগদানৰ সম্ভাৱনা (Congress MLA to join BJP) ।

AIUDF
AIUDF

By

Published : Aug 23, 2022, 8:36 PM IST

গুৱাহাটী, ২৩ আগষ্ট : ৰাজ্যখনত এতিয়া বিজেপিৰ জয়জয় ময়ময় অৱস্থা । বৰ্তমান সময়ত বিজেপিৰ অপ্ৰতিৰোধ্য উত্থান, জনপ্রিয়তা আৰু গ্রহণযোগ্যতা বিৰোধী দল কংগ্ৰেছৰ সন্মুখত প্ৰৱল প্ৰত্যাহ্বানৰূপে দেখা দিছে (BJP challenged Congress) । কংগ্ৰেছৰ এনে শোচনীয় অৱস্থ‍াৰ মাজতে থকা অৱশিষ্ট শক্তিৰো কঁকাল ভাঙিবলৈ (AIUDF to plan to break congress waist) তৎপৰ হৈ পৰিছে সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দল (Badaruddin Ajmal led AIUDF) ।

বিধানসভা নির্বাচনত কংগ্ৰেছে এআই ইউ ডিএফৰে মিত্ৰতা কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল যদিও চৰকাৰ গঠন কৰিব নোৱাৰাত কংগ্ৰেছে সকলো দোষ এআইইউডিএফলৈ ঠেলি একপক্ষীয়ভাৱে মিত্ৰতা ছেদ কৰিছিল (Congress AIUDF alliance in assembly election) । পৰৱৰ্তী পৰ্যায়ত বিগত মাৰ্চ মাহত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফৰ মাজত মিত্ৰতা হয় যদিও ভোটগ্ৰহণৰ দুদিন পূৰ্বৰে পৰা দল দুটাৰ মাজত সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰে ।

ৰাজ্যসভা নিৰ্বাচনৰ লগতে বিগত মাহত অনুষ্ঠিত ৰাষ্ট্রপতি নির্বাচনত বিৰোধীৰ ক্ৰছ ভোটিঙক (cross voting in presidential election) লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হয় আৰু সেয়া এতিয়াও অব্যাহত আছে । আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ এই পৰিৱেশৰ মাজতে ২০২৪ চনত হ'বলগীয়া লোকসভা নিৰ্বাচনত (2024 Lok Sabha election) কংগ্ৰেছৰ ওপৰত পোতক তোলাৰ ৰণনীতি গ্ৰহণ কৰিছে এআইইউডিএফে ।

এআইইউডিএফৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰফিকুল ইছলামে জনোৱা মতে, লোকসভা নির্বাচনত এআইইউডিএফে সাতটা সমষ্টিত দলীয় প্রার্থী থিয় কৰাব (AIUDF blamed congress) । শিলচৰ, কৰিমগঞ্জ, কলিয়াবৰ, নগাঁও, মঙলদৈ, বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত দলটোৱে নিজা প্রার্থী দিব । পূর্বতেও তেওঁলোকে উক্ত সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰি ইছলামে কয় যে, লোকসভাত কংগ্ৰেছৰ তিনিজন সাংসদ থকাৰ দৰে পূৰ্বতে এআইইউডিএফৰো তিনিজন সাংসদ আছিল ।

বৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জ তেওঁলোকৰ দখলত আছিল । অৱশ্যে এতিয়া অকল ধুবুৰীৰ আসনখনহে আছে এআইইউডিএফৰ হাতত । তেওঁ অভিযোগ কৰা মতে, লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে তেওঁলোকক প্ৰতাৰণা কৰিলে (AIUDF alleged to Congress cheating) । এআইইউডিএফৰ কান্ধত বন্দুক থৈয়েই নগাঁও আৰু কলিয়াবৰৰ আসন দুখন কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হয় ।

সেয়ে এইবাৰ এআইইউডিএফে লোকসভা নির্বাচনত ৫-৭ খন আসন দখলৰ চেষ্টা কৰিব । অৰ্থাৎ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্রতা নকৰে এআইইউডিএফ দলে । ইফালে এটাৰ পাছত আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলটো আজিৰ তাৰিখতো আভ্যন্তৰীণ কন্দলত নিমজ্জিত হৈ আছে (Congress plunged into internal turmoil) । ইতিমধ্যে বহু নেতাই দল ত্যাগ কৰিছে ।

ইফালে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে বিজেপিৰ মহা যোগদান অনুষ্ঠিত হ’ব (mega joining programme of Assam BJP) । কংগ্ৰেছ দলৰ কেইবাজনো বিধায়কৰ লগতে কেইবাটাও সংগঠনৰ নেতৃবৃন্দই বিজেপিত যোগদান কৰিব । লক্ষণীয় বিষয় যে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলম্বিত কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে কংগ্ৰেছৰ ১০-১২গৰাকী বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যেই সদৰী কৰিছে (Congress MLA to join BJP) ।

সেইসকল কংগ্ৰেছী বিধায়কে বিজেপিৰ লগত যোগাযোগত থকাৰ কথা তেওঁ উল্লেখ কৰিছে । তেওঁ নিজেও কংগ্ৰেছ দলত নাথাকে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে । বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Bora) দলটো ধৰি ৰাখিব পৰা নাই বুলি সদৰী কৰি বিধায়ক আহমেদে কয় যে, ভূপেন বৰাৰ দুৰ্বলতাৰ বাবেই কংগ্ৰেছৰ বহু বিধায়কে দল এৰিব । উল্লেখ্য যে ভূপেন বৰ‍াই দলটোক ধৰি ৰাখিবৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কাৰ্যত সফল হ'ব পৰা নাই ।

কংগ্ৰেছৰ এনে স্থিতিৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে একপ্ৰকাৰ সাজু হৈ কাম আৰম্ভ কৰিছে (BJP started work for Lok Sabha elections) । ইফালে এআইইউডিএফ দলেও লোকসভাৰ বাবে ৰণকৌশল আৰম্ভ কৰিছে । কিন্তু এইক্ষেত্রত পিছপৰি ৰৈছে দীঘলীয়া সময় শাসনত থকা কংগ্ৰেছ দল ।

লগতে পঢ়ক :লখিমপুৰত আমছুৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details