গুৱাহাটী, ৫ আগষ্ট :উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ক্ষেত্ৰত দিয়া ৰায়ক আদৰণি জনাইছে এ আই ইউ ডি এফ দলে । এই সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক তথা মানকাচাৰৰ বিধায়ক আমিনুল ইছলামে কয় যে স্বেচ্ছাচাৰী বিজেপি চৰকাৰৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে জনগনৰ শেষ ভৰষা হ’ল আদালত ।
উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ বাহাল ৰখাৰ ক্ষেত্ৰত দিয়া ৰায়ক আদৰণি জনাইছো বুলি উল্লেখ কৰে ৷ তেওঁ আৰু কয় যে এই ৰায় গণতন্ত্ৰৰ জয় আৰু অন্যায়ৰ পৰাজয় । উল্লেখ্য যে, মোদী উপাধিৰ গোচৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ আদালতে দিয়া ৰায়দানত শুকুৰবাৰে স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে ।
উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ ফলত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল । লগতে নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৰাহুল গান্ধীয়ে । মানহানিৰ এটা গোচৰত চুৰাটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড দিছিল ।