গুৱাহাটী,৪ ফেব্ৰুৱাৰী: বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা চৰকাৰী অভিযানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এআইইউডিএফ দলে(Operation against child marriage in Assam) । শনিবাৰে দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ নেতৃত্বই ৰাজ্যৰ বৰ্তমান পৰিস্থিতিকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে । সংবাদমেলত দলৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে কয় যে এ আই ইউ ডি এফ দলে বাল্যবিবাহৰ বিৰোধিতা কৰে আৰু বাল্যবিবাহ বন্ধ হোৱাটো বিচাৰে । ই এক সামাজিক ব্যাধি ।
বাল্যবিবাহৰ বিৰুদ্ধে নতুনকৈ আইন অহা নাই বুলি সদৰী কৰি তেওঁ কয় যে ১৯২৯ চনতে বাল্যবিবাহৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছিল আৰু ১৯৭৮ চনত সংশোধন কৰা হৈছিল(AIUDF PC regarding child marriage) । ইয়াৰ পিছত ২০০৬ চনত কেন্দ্ৰীয় চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে আন এক আইন প্ৰযোজ্য কৰে । কেন্দ্ৰীয় চৰকাৰৰ এই আইন কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে ৰুলছ প্ৰস্তুত কৰিব লাগে । কিন্তু অসম চৰকাৰে এতিয়ালৈকে এই ৰুলছ তথা নিয়ম প্ৰস্তুত কৰা নাই(Anti child marriage drive in Assam) ।
তেওঁ কয় যে অসম চৰকাৰে ৰুলছ প্ৰস্তুত নকৰাকৈ হঠাতে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । যাৰ ফলত ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্রীৰ দৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টিৰ বাবে এনেদৰে গ্ৰেপ্তাৰৰ অভিযান আৰম্ভ কৰিছে বুলি তেওঁ অভিযোগ কৰে । মুখ্যমন্ত্রীয়ে প্ৰতিটো ক্ষেত্রতে চমক সৃষ্টি কৰিব বিচাৰে বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ পূৰ্বে 'দালালৰাজ' বন্ধ কৰাৰ নামত চমক সৃষ্টিৰ প্ৰয়াস কৰিছিল যদিও দালালৰাজ বন্ধ কৰিব নোৱাৰিলে ।