গুৱাহাটী,২৭ জুন: ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো বিজেপি আৰু কংগ্ৰেছ মিলি কৰি আছে । এই অভিযোগ এ আই ইউ ডি এফ দলৰ । মঙলবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা সন্দৰ্ভত এ আই ইউ ডি এফ দলে এখন সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । দলৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হৈছে ।
খচৰাত সংখ্যালঘু সমষ্টি আঠটা মান কমিছে । কেইবাটাও সংখ্যালঘু সমষ্টি নোহোৱা হৈছে । আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এ আই ইউ ডি এফক টাৰ্গেট কৰি বক্তব্য আগবঢ়াই আহিছে । ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোক লৈ কংগ্ৰেছ দলে অসন্তুষ্ট ব্যক্ত কৰা সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
তেওঁ কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ আজিৰ প্ৰক্ৰিয়াটো কংগ্ৰেছ চৰকাৰৰ দিনতে হোৱা সংশোধনী অনুসৰি হৈ আছে । তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে কৰে । কিন্তু অসমৰ ক্ষেত্রত নিৰ্বাচন আয়োগে কৰি আছে । ইয়াৰ আঁৰৰ তথ্য দাঙি ধৰি তেওঁ কয় যে ২০০৮ চনত ১৪ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আইন-২০০২ৰ চেকচন ১০ ৰ সংশোধন ঘটাই চেকচন ১০(এ) কৰিছিল ।