অসম

assam

ETV Bharat / state

AIUDF React on Bhupen Borah comment: ভূপেন বৰাক উভতি ধৰিলে এ আই ইউ ডি এফে

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে সৰৱ এ আই ইউ ডি এফৰ বিধায়িনী দলৰ দলপতি তথা তথা মুখপাত্ৰ হাফিজ বচিৰ আহমেদ । আহমেদে ক’লে, ৰাষ্ট্ৰপতি নিৰ্বাচনতে স্পষ্ট হৈ গৈছে যে কংগ্ৰেছেহে বিজেপিৰ গোলামি কৰিছে । এ আই ইউ ডি এফৰ কাৰণে কংগ্ৰেছে চিন্তা কৰিব নালাগে । এ আই ইউ ডি এফে আগন্তুক দিনত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিম বুলি কোৱা নাই ।

AIUDF React on Bhupen Borah comment
ভূপেন বৰাক উভতি ধৰিলে এ আই ইউ ডি এফ দলে

By

Published : Oct 19, 2022, 10:40 PM IST

গুৱাহাটী, ১৯ অক্টোবৰ: কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত পুনৰ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি (AIUDF React on Bhupen Bora comment) । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী দল দুটাৰ মাজত আৰম্ভ হৈছে পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰাৰ ৰাজনীতি । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Borah) এ আই ইউ ডি এফক কৰা সমালোচনাক লৈ সৰৱ হৈ পৰিছে দলটো ।

ভূপেন বৰাই কোনো কাৰণতে এ আই ইউ ডি এফৰ লগত মিত্ৰতা নকৰাৰ কথা স্পষ্ট কৰাৰ লগতে দলটোক ছদ্মবেশি আখ্যা দিছিল । ইয়াৰ প্ৰত্যুত্তৰত আজি সৰৱ হৈ পৰে এ আই ইউ ডি এফৰ বিধায়িনী দলৰ দলপতি তথা দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা মুখপাত্ৰ হাফিজ বচিৰ আহমেদ ।

তেওঁ কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনতে স্পষ্ট হৈ গৈছে যে কংগ্ৰেছে হে বিজেপিৰ গোলামি কৰিছে । এ আই ইউ ডি এফৰ কাৰণে কংগ্ৰেছে চিন্তা কৰিব নালাগে । কাৰণ এ আই ইউ ডি এফে আগন্তুক দিনত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিম বুলি কোৱা নাই।

তেওঁ কয় যে এ আই ইউ ডি এফ সদায় এক নীতি আৰু আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ আছে । কংগ্ৰেছ দলে এ আই ইউ ডি এফ দলৰ কাৰণে চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ ভেটিৰ কথা ভাৱক । ইতিমধ্যেই কংগ্ৰেছৰ বহুকেইজন বিধায়ক তথা সাংসদে বিজেপিত যোগদান কৰিছে । জাকে জাকে কংগ্ৰেছ কৰ্মী এ আই ইউ ডি এফ দলত যোগদান কৰিছে । এ আই ইউ ডি এফে আগৰে পৰাই বিজেপিৰ বিৰুদ্ধে যুঁজি আছে আৰু আগলৈও যুঁজি যাব বুলি তেওঁ কয় ।

বিজেপিক উৎখাত কৰিবলৈকে যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা কৰি এ আই ইউ ডি এফ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । গতিকে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আমাৰ দলে বিজেপিৰ গোলামি কৰা বুলি যি মন্তব্য কৰিছে সেয়া তেওঁৰ হতাশ মনৰ পৰিচয় বুলি তেওঁ কয় । তেওঁ লগতে কয় যে ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনত স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছে হে বিজেপিৰ গোলামি কৰিছে ।

উল্লেখ যে নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলে পৰস্পৰ বিৰোধী স্থিতিত অৱতীৰ্ণ হৈ সমালোচনাত মুখৰ হৈ পৰে যদিও নিৰ্বাচনৰ সময়ত কিন্তু লক্ষণীয়ভাৱে কাষ চাপি আহে । এইবাৰো যে তাৰ ব্যতিক্ৰম নহ'ব তাৰ কোনো নিশ্চয়তা নাই ।

লগতে পঢ়ক:President Election of AICC:এ আই চি চিৰ নতুন সভাপতিকলৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details