অসম

assam

By

Published : Jul 24, 2022, 3:41 PM IST

ETV Bharat / state

School provincialisation in Assam: অপ্ৰাদেশীকৃত ২,৬৫৯ খন শিক্ষানুষ্ঠানৰ ২৩,৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যৎ কি হ’ব ?

সংবাদমেলত AIUDF ৰ নেতৃত্ব (AIUDF press conference) । বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা । অপ্ৰাদেশীকৃত বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব ? প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ দাবী । AIUDF দলে শিক্ষকসকলৰ বাবে আইনী যুঁজ দিবলৈ প্ৰস্তুত । বিনা বেতনে আত্মহত্যা কৰিছে ৪০০ শিক্ষকে । ৰাজ্যৰ ৩৪ লাখ শিশু প্ৰাথমিক শিক্ষা লাভৰ পৰা বঞ্চিত ৷

School provincialisation in Assam
অপ্ৰাদেশিকৃত ২৬৫৯ খন শিক্ষানুষ্ঠানৰ ২৩৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যত কি হ’ব ?

গুৱাহাটী, ২৪ জুলাই :বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে AIUDF দলে । উল্লেখ্য যে, শিক্ষা বিভাগে পুনৰ বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অলপতে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেঞ্চত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (No schools are provincialised in Assam)।

অপ্ৰাদেশীকৃত ২৬৫৯ খন শিক্ষানুষ্ঠানৰ ২৩৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যত কি হ’ব ?

চৰকাৰী এই সিদ্ধান্তৰ পাচতে জাঙুৰ খাই উঠিছে AIUDF দল । এই সন্দৰ্ভত দেওবাৰে দিছপুৰৰ চৰকাৰী আৱাসত AIUDF ৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলাম, বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু বিধায়ক আশ্ৰাফুল হুছেইনে এখন সংবাদমেল সম্বোধন কৰে (AIUDF press conference)।

উক্ত সংবাদমেলত বিধায়ক আমিনুল ইছলামে কয় যে, এতিয়ালৈকে ৰাজ্যৰ ২৬৫৯ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ হোৱা নাই ।

ইয়াৰ ভিতৰত এল পি স্কুল ১২৫৬, এম ই স্কুল ৮৮৯, হাইস্কুল ৪৩১, ছিনিয়ৰ ছেকেণ্ডেৰী ৪৫ আৰু ডিগ্ৰী কলেজ ৩৮ খন আছে । আনহাতে, ইয়াত নিয়োজিত হৈ আছে ২০,৭৩১ গৰাকী শিক্ষক-শিক্ষয়ত্রীৰ লগতে ৩১৭৯ গৰাকী কৰ্মচাৰী । এই ২৩,৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ লগতে এই বিদ্যালয়সমূহত অধ্যয়নৰত লাখ লাখ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব ? এইটো এটা ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক :Monkeypox in Delhi: দিল্লীত ধৰা পৰিল মংকিপক্সৰ প্ৰথমটো ঘটনা

তেওঁ লগতে কয় যে, চৰকাৰী এই সিদ্ধান্তৰ ফলত ব্যাপক খেলিমেলি হ'ব । ইয়াৰ বাবে AIUDF দলে ২০১৭ চনৰ বিদ্যালয় প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে । তেওঁ লগতে কয় যে, এই ভেন্সাৰ স্কুলৰ শিক্ষকসকলৰ লগত AIUDF দল সদায় আছিল আৰু থাকিব । প্ৰয়োজন হ'লে AIUDF দলে শিক্ষকসকলৰ বাবে আইনী যুঁজ দিবলৈ প্ৰস্তুত আছে বুলি তেওঁ কয় ।

ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ স্বৰূপটো উদঙাই দি তেওঁ লগতে কয় যে, বিগত সময়ত ৰাজ্যৰ ৪০০ গৰাকী শিক্ষকে চাকৰি প্ৰাদেশিকীকৰণ নোহোৱাৰ বাবে আত্মহত্যা কৰিছে । আনহাতে, ১০০ গৰাকী শিক্ষকৰ স্বাভাৱিক মৃত্যু হৈছে । অৰ্থাৎ বিনা বেতনে ৫০০ গৰাকী শিক্ষকে মৃত্যুক আকোৱালি ল'লে । সেইদৰে সহস্ৰাধিক শিক্ষকে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে ।

১৬,০০০ গৰাকী শিক্ষকে চৰকাৰৰ পৰা এটকাও নোপোৱাকৈ কাম কৰি আছে । এনে পৰিস্থিতিত চৰকাৰে প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত লোৱাটো চৰম পৰিতাপৰ বিষয় বুলি তেওঁ কয় । তথ্য দি তেওঁ কয় যে, বিগত তিনি বছৰত ৰাজ্যৰ ২১ হাজাৰ শিশুৱে অপৰাধজনিত কামত জড়িত হৈছে ।

আনহাতে, ৰাজ্যৰ ৩৪ লাখ শিশু প্ৰাৰ্থমিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে । শিক্ষাৰ সংস্কাৰৰ নামত পৰীক্ষা ব্যৱস্থা উঠাই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, উত্তীৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে । ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো ৰসাতলে নিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Shrikashi Vishwanath temple : কাশী বিশ্বনাথ মন্দিৰত সেৱক আৰু দৰ্শনাৰ্থীৰ মাজত হতাহতি

ABOUT THE AUTHOR

...view details