অসম

assam

ETV Bharat / state

প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্তকলৈ AIUDF ত ব্যাপক প্ৰতিক্ৰিয়া - মহাজোঁট

কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত একপক্ষীয়ভাৱে মহাজোঁটৰ ভিতৰত ভাঙোন সৃষ্টি নকৰি শক্তিশালী কৰাৰ আহ্বান এ আই ইউ ডি এফৰ । উজনি অসমৰ প্ৰেক্ষাপটত উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে ।

প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্তকলৈ AIUDF ত ব্যাপক প্ৰতিক্ৰিয়া
প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্তকলৈ AIUDF ত ব্যাপক প্ৰতিক্ৰিয়া

By

Published : Aug 31, 2021, 9:20 PM IST

গুৱাহাটী, ৩১ আগষ্ট : বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ পৰা এআইইউডিএফ দলক আঁতৰ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে । এই সিদ্ধান্তত চীল-মোহৰ মাৰিবৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ ।

প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্তকলৈ AIUDF ত ব্যাপক প্ৰতিক্ৰিয়া

কিন্তু প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্তক লৈ মহাজোঁটৰ অন্যতম অংশীদাৰী দল এ আই ইউ ডি এফত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াক সহজভাৱে ল'ব পৰা নাই দলটোৱে । উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এই সিদ্ধান্ত ৰাজনৈতিক অংকৰ বাবে গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

এ আই ইউ ডি এফৰ বিধায়িনী দলৰ দলপতি তথা দলৰ সাধাৰণ সম্পাদক হাফিজ বচিৰ আহমেদে নিজৰ প্ৰতিক্ৰিয়াত কয় যে, কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতি আৰু অন্যান্য ৰাজনৈতিক দলক লৈ মহাজোঁট কৰা হৈছিল । এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে এক পক্ষীয়ভাৱে যি সিদ্ধান্ত লৈ মহাজোঁটৰ পৰা এ আই ইউ ডি এফক বাদ দিয়াৰ বাবে যি প্ৰস্তাৱ লৈছে সেয়া দুৰ্ভাগ্যজনক ।

লগতে পঢ়কঃ জনা-নজনা : ৰেল লাইন নিৰ্মাণত ব্যৰ্থ হোৱা ব্ৰিটিছক সহায় কৰা হিমাচলৰ ফকীৰজন

সম্প্ৰতি বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলক প্ৰতিহত কৰিবৰ বাবে গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ দলবোৰ অধিক শক্তিশালী কৰাতো সময়ৰ আহ্বান আছিল বুলি সদৰি কৰি তেওঁ কয় যে, ব্যক্তিগত দুই এজনে মহাজোঁটৰ নীতি-আদৰ্শৰ পৰিপন্থী উক্তি দিয়াৰ ওপৰত ভিত্তি কৰি মহাজোঁটক দুৰ্বল কৰা উচিত নহ'ব । এ আই ইউ ডি এফ দল বিজেপিৰ সাম্প্ৰদায়িক চৰিত্ৰৰ বাবে তাৰ বিৰুদ্ধাচৰণ কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব ।

কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত একপক্ষীয়ভাৱে মহাজোঁটৰ ভিতৰত ভাঙোন সৃষ্টি নকৰি শক্তিশালী কৰিব লাগে বুলি তেওঁ মত পোষণ কৰে । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দল আৰু দলীয় কৰ্মীৰ লগতে অসমৰ স্বাৰ্থত কংগ্ৰেছ দলক স্বতন্ত্ৰ হোৱাৰ পৰামৰ্শ সংবাদমেল যোগে আগবঢ়াইছিল ।

ইফালে উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে কেইবালানি আলোচনাত মিলিত হৈছে । নৱগঠিত দুয়োটা আঞ্চলিকতাবাদী দলৰ এটাই কথা আছিল যে, মহাজোঁটত এ আই ইউ ডি এফ দল থাকিলে কেতিয়াও কোনো কাৰণতে কোনো ধৰণৰ বুজাবুজি নহ'ব ।

দুয়োটা দলেই উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছে যদিও এ আই ইউ ডি এফক লগত ৰাখি নহয় । বিশেষকৈ উজনি অসমৰ প্ৰেক্ষাপটত উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে ।

লগতে পঢ়কঃ সোৱণশিৰিৰ বান্ধত ভূমিস্খলন : উত্তৰ অসমত জল প্ৰলয়ৰ আশংকা

ABOUT THE AUTHOR

...view details