অসম

assam

ETV Bharat / state

সোনোৱালে 'কা' সমৰ্থন কৰি অসম চুক্তি আৰু 855 গৰাকী ছহিদক অপমান কৰিছে !

মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সংবাদমেলত 'কা' সম্পৰ্কে কৰা মন্তব্য দুর্ভাগ্যপূৰ্ণ আখ্যা দিয়াৰ লগতে সোণোৱালে 'কা' ক সমৰ্থন কৰি অসম চুক্তিৰ আৰু 855 জন শ্বহীদৰ অপমান কৰিছে বুলি মন্তব্য কৰে চম্পক কলিতাই ।

এ আই ইউ ডি এফৰ সংবাদ মেল
এ আই ইউ ডি এফৰ সংবাদ মেল

By

Published : Dec 21, 2019, 6:17 PM IST

Updated : Dec 21, 2019, 7:48 PM IST

গুৱাহাটী, 21 ডিচেম্বৰ: শনিবাৰে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে হাতীগাঁওস্থিত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ চম্পক কলিতা। নলবাৰী আৰু গুৱহাটীত ভাৰতীয় জনতা পাৰ্টিয়ে বাংলাদেশী হিন্দুক লৈ কাসমৰ্থনত ওলিওৱা সমদলৰ বাবে ৰাজ্যত সংঘাতৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰে চম্পক কলিতাই ।

ইয়াৰোপৰি এ আই উ ডি এফে 2015 চনৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি আহিছে আৰু বৰ্তমানেও বিৰোধিতা কৰি যাব লগতে 'কা' বিৰুদ্ধে ৰাজ্যত হৈ থকা সকলো গণতান্ত্ৰিক আন্দোলনত এ আই ইউ দি এফৰ সম্পূৰ্ণ সমৰ্থন আগন্তুক দিনতো থাকিব বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সংবাদমেলত 'কা' সম্পৰ্কে কৰা মন্তব্য দুর্ভাগ্যপূৰ্ণ আখ্যা দিয়াৰ লগতে সোণোৱালে 'কা' ক সমৰ্থন কৰি অসম চুক্তিৰ আৰু 855 জন ছহিদক অপমান কৰিছে বুলিও মন্তব্য কৰে দলটোৰ মুখপাত্ৰ গৰাকীয়ে ।

এ আই ইউ ডি এফৰ সংবাদ মেল

ইয়াৰোপৰি চম্পক কলিতাই ৰাজ্য চৰকাৰে বিনা দোষত আটক কৰি NIA ৰ হাতত গতাই দিয়া কৃষক নেতা অখিল গগৈ আৰু আলফা নেতা জিতেন দত্তক বিনাচৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনায় । সংবাদমেলখনত ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈয়ো সৰৱ হৈ পৰে নেতাগৰাকী। চম্পক কলিতাই কয় যে, সংবাদমেল পাতি এটা সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা ঘটনাটো দুৰ্ভাগ্যপূৰ্ণ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদকাৰীৰ ফটো বা ভিডি'অ সংবাদমেলত দেখুৱাৰ সাহস কৰ পৰা পালে বুলিয়ো প্ৰশ্ন কৰে দলটোৰ মুখপাত্ৰ গৰাকীয়ে।

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাট, নগাঁৱত উত্তাল প্ৰতিবাদ

Last Updated : Dec 21, 2019, 7:48 PM IST

ABOUT THE AUTHOR

...view details