গুৱাহাটী, 31 মাৰ্চ:ৰাজ্যসভাৰ নিৰ্বাচনক(Rajya Sabha Election 2022) কেন্দ্ৰ কৰি শাসক-বিৰোধী উভয়ৰে মাজত সীমা নাই ব্যস্ততাৰ ৷ পুৱা 9 বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ আবেলি 4 বজাত সামৰণি পৰিব ৷ কিন্তু ইতিমধ্যে সমাপ্ত হৈছে এই ভোটগ্ৰহণ ৷ এঘণ্টীয়া বিৰতিৰ পিছত 5 বজাত ভোটগণনা আৰম্ভ হোৱাৰ বিপৰীতে 6 বজাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷
ৰাজ্যসভাৰ দুখনকৈ আসনৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনৰ প্ৰথমখন আসন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই দখল কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ দ্বিতীয়খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শাসকীয় পক্ষৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ লগতে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই ৷ বিজেপি বিধায়কসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভোটদান কৰিবলগা পৰিলক্ষিত হয় ৷
ইয়াৰ লগে লগে এআইইউডিএফৰো বিধায়কসকলে সদলবলে ভোটদান(AIUDF MLAs casts their votes in Rajya Sabha Election) কৰিবলৈ আহে ৷ ভোটদানৰ অন্তত বিধায়কসকলে দলটোৰ হৈ কমেও 15 টা ভোট ৰিপুণ বৰাই লাভ কৰিব বুলি দাবী কৰে ৷ ভোটদান সন্দৰ্ভত এআইইউডিএফৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলামে কয় যে, দলটোৰ 15 টা ভোট ইনটেক আছে ৷ ইয়াত কোনো সন্দেহ নাই ৷