অসম

assam

ETV Bharat / state

Congress aiudf alliance : গাদী ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ বিধায়কৰ শৰণাপন্ন এ আই ইউ ডি এফ ! - AIUDF MLAs met Congress leader

নিশা দিছপুৰত কংগ্ৰেছ-এআইইউডএফৰ গোপন বৈঠক (Congress aiudf alliance) ৷ মিত্ৰতা বিচাৰি এইবাৰ কংগ্ৰেছ বিধায়কৰ শৰণাপন্ন হ’ল এ আই ইউ ডি এফৰ বিধায়কৰ এটা দল ৷

Congress aiudf alliance
গাদী ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ বিধায়কৰ শৰণাপন্ন এআইইউডএফ

By

Published : Feb 24, 2023, 4:03 PM IST

গুৱাহাটী, 24 ফেব্ৰুৱাৰী: চমু চাপি আহিছে লোকসভাৰ নিৰ্বাচনৰ দিন ৷ সেইবাবেই প্ৰতিটো ৰাজনৈতিক দলকে গাদী ৰক্ষাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ অসমত কংগ্ৰেছ-এ আই ইউ ডিএফৰ মিত্ৰতাক লৈ যোৱা কেইবামাহো ধৰি নিৰন্তৰ চৰ্চা আৰু অভিযোগ- প্ৰতিঅভিযোগ অব্যাহত হৈ অহা পৰিলক্ষিত হৈছে ৷

কংগ্ৰেছে বাৰে বাৰে প্ৰত্যাখান কৰি আহিছে এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰস্তাৱ । বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক আক্ৰমণেৰে মিত্ৰতাৰ পোষকতা কৰি আহিছে এ আই ইউ ডি এফে ৷ মিত্ৰতা বিচাৰি শেহতীয়াকৈ কংগ্ৰেছ বিধায়কৰ শৰণাপন্ন হোৱা পৰিলক্ষিত কৰিব পৰা গৈছে এ আই ইউ ডি এফ দলটোক । শেহতীয়াকৈ দিশপুৰ বিধায়ক আবাসত ধুবুৰী লোকসভাৰ অন্তৰ্গত কেইবাজনো কংগ্ৰেছ বিধায়কৰ সৈতে গোপন বৈঠক অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গ’ল এ আই ইউ ডি এফ নেতৃত্বক (Congress aiudf alliance)।

বৃহস্পতিবাৰৰ নিশা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ কংগ্ৰেছ বিধায়ক আব্দুল ৰচিদ মণ্ডলৰ দিছপুৰৰ আবাসত দেখা গ’ল বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ বুলি পৰিচিত মানকাচৰৰ বিধায়ক তথা দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামক ৷ লগতে, এ আই ইউ ডি এফৰ বিতৰ্কিত তথা মেনেজ মাষ্টাৰ বুলি পৰিচিত সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাক ৷ উপস্থিত আছিল ধুবুৰী লোকসভাৰ অন্তৰ্গত গোৱালপাৰাৰ জলেশ্বৰৰ কংগ্ৰেছী বিধায়ক আফটাবুদ্দিন মোল্লা ৷ এই বৈঠকৰ পিছতেই ব্যাপক চৰ্চালৈ আহিছে দুয়োটা দলৰে মিত্ৰতাৰ প্ৰসংগ ৷

লগতে আগন্তক ৰাজনৈতিক বৈতৰণী নৈখন কংগ্ৰেছ অবিহনে যেন দলটোৱে পাৰ হ’ব নোৱাৰিব সেয়াও এটা দিশৰ পৰা স্পষ্ট হৈ পৰিছে ৷ সেয়ে, নিৰ্বাচনী বৈতৰণী পাৰ হ’বৰ বাবে যিকোনো প্ৰকাৰে আজমলক লাগে কংগ্ৰেছেৰে মিত্ৰতা । যাৰ ফলশ্ৰুতিত সকলো প্ৰকাৰে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে চেষ্টা কৰি বিফল হৈ শৰণাপন্ন হৈছে কংগ্ৰেছৰ দুই বিধায়ক আফতাবুদ্দিন মোল্লা আৰু আব্দুল ৰচিদ মণ্ডলৰ ৷ কিয় আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে একপক্ষীয়ভাৱে সকলো চেষ্টা অব্যাহত ৰাখিছে ? সেয়া বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন ৷

ইতিমধ্যে অসমত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ যথেষ্ট পানী ঘোলা কৰা দেখিবলৈ পোৱা গৈছে । প্ৰদেশ কংগ্ৰেছে বাৰম্বাৰ নিৰ্বাচনা প্ৰস্তাৱ নস্যাৎ কৰাৰ পিচতো কিয় বাৰম্বাৰ কংগ্ৰেছৰে মিত্ৰতাৰ বাবে হাত আগবঢ়াইছে সেয়া এক ডাঙৰ প্ৰশ্ন ৷ উল্লেখ্য যে, ২০০৯, ২০১৪ আৰু ২০১৯ এই তিনিওটা নিৰ্বাচনতে ধুবুৰীৰ সাংসদৰূপে নিৰ্বাচিত হৈছিল বদৰুদ্দিন আজমল । সেয়ে এইবাৰ প্ৰৱল অধিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হৈ কংগ্ৰেছৰ হাত বিচাৰিছে বদৰুদ্দিন আজমলে ৷

২০১৯ৰ লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে বুজাবুজিৰে ধুবুৰীত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল কংগ্ৰেছ দলে ৷ ধুবুৰীৰ মুঠ ১৬,৮৫,০৫৮ টা ভোটৰ ৭,১৮,৭৬৪ টা ভোটেৰে ৪২. ৬৬ % ভোট লাভ কৰি জয় লাভ কৰিছিল বদৰুদ্দিন আজমলে ৷ কিন্তু দুৰ্বল প্ৰাৰ্থী হিচাবেও ৪,৯২৫০৬ টা ভোট লাভ কৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷ আনহাতে, এইবাৰ কংগ্ৰেছৰ ধুবুৰীৰ প্ৰাৰ্থী ৰূপে ৰকিবুল হুছেইন আৰু ৱাজেদ আলি চৌধুৰীৰ নাম প্ৰক্ষেপ কৰিছে দলে ৷ লক্ষ্যনীয়ভাৱে, দুয়োজনেই সংখ্যালঘু ভোটাৰৰ মাজত যথেষ্ট জনপ্ৰিয় ৰাজনীতিক ৷

স্বাভাৱিকতে ধুবুৰীৰ সংখ্যালঘু ভোটাৰৰ মাজত বদৰুদ্দিন আজমলৰ অধিষ্ঠান বিৰোধী ঢৌ বৃদ্ধি হোৱাটোক লক্ষ্য কৰি কংগ্ৰেছৰ সহায় অবিহনে আজমলৰ ধুবুৰীৰ পৰা পুনৰ দিল্লী যাত্ৰা প্ৰায় অসম্ভৱ দেখা গৈছে এই মুহূৰ্তত ৷ সেয়ে, কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে ব্যাকুল হৈ পৰিছে এ আই ইউ ডি এফ ৷ একাংশ কংগ্ৰেছ সংখ্যালঘু বিধাায়কৰ দ্বাৰা হ’লেও মিত্ৰতাৰ বাবে এতিয়া চেষ্টা চলাইছে এ আই ইউ ডি এফে ৷

কংগ্ৰেছে বাৰাম্বাৰ পোনছাটেই নস্যাৎ কৰাৰ পিছতো এ আই ইউ ডি এফে কি ৰাজনৈতিক নিমিলা অংকৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ হাত আগবঢ়াইছে সেই বিষয়টোৱে বৰ্তমান ৰাজনৈতিক মহলত লাভ কৰিছে বিশেষ চৰ্চা ৷ কেৱল গাদী ৰক্ষাই নে অন্য কিবা কাৰণো নিবিত হৈ আছে সেয়া জানিবলৈ এতিয়া মাথো সময়লৈ অপেক্ষা ৷

লগতে পঢ়ক :Accident in Chattisgarh: ছত্তীশগড়ত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ১১ গৰাকী লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details