গুৱাহাটী, ১৬ মাৰ্চ :অসম চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাজেটক(Assam Budget 2022) গতানুগতিক আখ্যা দি বাজেটখনত নতুনত্ব আৰু বিশেষত্ব একো নাই বুলি সদৰি কৰে এ আই ইউ ডি এফ দলে(Budget reaction of AIUDF) ।
বুধবাৰে বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰা বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে, "সন্মূখত নিৰ্বাচন নাই বাবে বাজেটত কোনো চমক নাই । অসমৰ বিভিন্ন খণ্ডত আন্তঃগাঠনি নিৰ্মাণৰ বাবে আশা কৰা ধৰণৰ কোনো নতুনত্ব নাই(AIUDF MLA Aminul Islam reacts to budget) । বাজেটত ধাৰ্য কৰা অধিকাংশ টকাই চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াৰ নামত ব্যয় হ'ব । উন্নয়নৰ বাবে বিশেষ একো নাই ।"