গুৱাহাটী,২৮ ছেপ্টেম্বৰঃঅৱশেষত গ্ৰেপ্তাৰ হ'ল এ আই ইউ ডি এফৰ বৰপেটা জিলা কমিটিৰ সাধাৰণ সম্পাদক ফৰহাদ আলী(AIUDF leader arrested for involvement in PFI) । জিলা পৰ্যায়ৰ নেতাজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে প্ৰেছ বিবৃত্তিযোগে সাধাৰণ সম্পাদকগৰাকীক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে দলে ৷ উল্লেখ্য যে, শেহতীয়াকৈ দেশজুৰি চলোৱা অভিযানৰ পাছতে পি এফ আইক ভাৰত চৰকাৰে ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰে(Centre bans PFI for 5 years) ।
নিষিদ্ধ ঘোষণা কৰাৰ পাছতে অসমত অভিযান আৰু অধিক তীব্ৰতৰ কৰি তোলা হৈছে(Raids against PFI) । ছীল কৰি দিয়া হৈছে ৰাজ্যৰ এটাৰ পাছত আন এটাকৈ পি এফ আইৰ কাৰ্যালয় । লগতে গ্ৰেপ্তাৰ কৰা হৈছে পি এফ আইৰে জড়িত নেতা-কৰ্মীক ।