গুৱাহাটী, 2 ডিচেম্বৰঃ ‘গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অগপ দলৰ স্থিতি অতিকৈ দুৰ্বল আছিল’ ৷ ‘অমিত শ্বাহৰ সন্মুখত নেগুৰ পেলাইছিল অসমৰ সকলো ৰাজনৈতিক দল তথা জাতীয় সংগঠনে’ এই মন্তব্য এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ ৷ গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৱৰ বিভিন্ন ৰাজনৈতিক আৰু সামাজিক সংগঠনৰ লগত মিলিত হোৱা বৈঠক সম্পৰ্কত মন্তব্য আগবঢ়ায় ৷ এই সংবাদমেলত অগপ তথা শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি আগবঢ়াই কেইবাটাও বিস্ফোৰক মন্তব্য ৷ অগপৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাক সমালোচনা কৰাৰ লগতে বৈঠকত অগপৰ দুৰ্বল স্থিতিৰ বাবে সমগ্ৰ ৰাজ্যতে সমালোচনাৰ সন্মূখীন হৈছে দলটো ৷ লগতে অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় বৈঠকত গৃহমন্ত্ৰীৰে অন্যান্য বিষয়ৰ ওপৰতহে আলোচনা কৰা পৰিলক্ষিত হৈছিল বুলিও তেওঁ কটাক্ষ কৰে ৷
গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অগপৰ স্থিতি আছিল অতি দুৰ্বল : আমিনুল ইছলাম - গৃহমন্ত্ৰী অমিত শ্বাহ
‘অমিত শ্বাহৰ সন্মুখত নেগুৰ পেলাইছিল অসমৰ সকলো ৰাজনৈতিক দল তথা জাতীয় সংগঠনে’ ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অনুষ্ঠিত হোৱা বৈঠক সম্পৰ্কত এই মন্তব্য এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ ৷
![গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অগপৰ স্থিতি আছিল অতি দুৰ্বল : আমিনুল ইছলাম AIUDF leader Aminul Islam criticise AGP and BJP](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5243786-thumbnail-3x2-fol.jpg)
আনহাতে আমিনুল ইছলামে গৃহমন্ত্ৰী অমিত শ্বাহক সংবিধানৰ বিৰুদ্ধে গৈ নাগৰিকত্ব সংশোধনী বিধেয়ক কেনেকৈ গৃহীত কৰিব পাৰি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত শ্বাহে সংবিধানক কাগজ বুলি অভিহিত কৰি কাগজৰ ওপৰত দেশ নচলে বুলি কোৱা বুলিও তেও প্ৰকাশ কৰে ৷ ইছলামে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কেন্দ্ৰৰ বিজেপি দলত তীব্ৰ সমালোচনা কৰি কয় বিজেপিয়ে অসম আৰু দেশ নিঃশেষ কৰি হ’লেও নিজৰ গাদী ৰক্ষা কৰিব বিচাৰে । এ আই ইউ ডি এফ দল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব আৰু প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়লৈ যাবলৈ প্ৰস্তুত আছে বুলিও মন্তব্য আগবঢ়াৱাৰ লগতে অহা ৪ ডিচেম্বৰত বিধেয়ক বিৰোধী আন্দোলনৰ হুংকাৰো দিয়ে ৷
আৰু পঢ়কঃ ‘কেব’ক লৈ শংকিত হ'ব নালাগে অৰুণাচলৰ জনতা: মুখ্যমন্ত্ৰী পেমা খাণ্ডু