অসম

assam

Presidential Election: কাক ভোট দিব এ আই ইউ ডি এফে ?

নিৰ্বাচনলৈ মাথোঁ এদিন থাকোতেই এ আই ইউ ডি এফে ঘোষণা কৰিলে কোনগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক সমৰ্থন কৰিব দলটোৱে (AIUDF has announced whom they will support) ৷ কাক ভোট দিব এ আই ইউ ডি এফে ?

By

Published : Jul 17, 2022, 2:48 PM IST

Published : Jul 17, 2022, 2:48 PM IST

aiudf-has-announced-whom-they-will-support
aiudf-has-announced-whom-they-will-support

গুৱাহাটী, 17 জুলাই :সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Election 2022) ৷ নিৰ্বাচনলৈ মাথোঁ এদিন থাকোতেই এ আই ইউ ডি এফে ঘোষণা কৰিলে কোনগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক সমৰ্থন কৰিব দলটোৱে ৷ যোৱ দিনকেইটাত ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ সমৰ্থনক লৈ ৰাজ্যত বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল ৷

কাক ভোট দিব এ আই ইউ ডি এফে?

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত আজি সংবাদমেল সম্বোধন কৰি দলটোৰ নেতৃত্বই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিব বুলি মন্তব্য প্ৰকাশ কৰে (AIUDF has announced whom they will support)৷ দিছপুৰৰ বিধায়ক আৱাসত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাচিমী, ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এখন সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰে ।

তেওঁলোকে কয় যে, এ আই ইউ ডি এফে আগৰে পৰাই বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাকে এ আই ইউ ডি এফে ভোট দিব (AIUDF will cast their vote for Yashwant Sinha)। ইয়াৰ বাবে যশোৱন্ত সিনহাৰ এজেণ্ট হিচাপে আমিনুল ইছলাম আৰু মজিবুৰ ৰহমানক নিয়োগ কৰা হৈছে ।

যশোৱন্ত সিনহা কংগ্ৰেছৰ প্ৰাৰ্থী নহয় । তাৰ পিছতো কংগ্ৰেছে যেনেকৈ যশোৱন্ত সিনহাক সমৰ্থন দিছে আমিও তেনেদৰে সমৰ্থন দিছো ৷ এই নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতিজন বিধায়কে যাতে সিনহাক ভোট দিবলৈআহ্বান জনায় দলটোৱে ৷ বিজেপিক পৰাভূত কৰিবলৈ এ আই ইউ ডি এফে যশোৱন্ত সিনহাক সমৰ্থন জনাব বুলি উল্লেখ কৰে দলটোৱে ৷

ইয়াৰ লগতে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি দলটোৱে কয় যে, ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফে গাড্ডাৰী কৰা নাই ৷ কংগ্ৰেছে কি ভাবে সেইটো এ আই ইউ ডি এফৰ বিচাৰ্যৰ বিষয় নহয় ৷ কংগ্ৰেছে এ আই ইউ ডি এফৰ গাত দোষ জাপি দি নিজৰ ভাবমূৰ্তি নিকা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷ ৰাজ্যসভাৰ নিৰ্বাচনত বিভাজন সৃষ্টি কৰাৰ দৰে এইবাৰো নাটক সৃষ্টি কৰিছে কংগ্ৰেছে । বিমান বন্দৰত যশোৱন্ত সিনহাক এ আই ইউ ডি এফৰ তৰফৰ পৰা স্বাগতম জনোৱা হৈছিল যদিও কংগ্ৰেছে মিছা কথা কৈছে ৷

কংগ্ৰেছে মালিকীস্বত্ব দেখুৱাব নালাগে বুলি সদৰি কৰি তেওঁলোকে কয় যে এ আই ইউ ডি এফক কংগ্ৰেছৰ অনুমতি নালাগে ৷ কংগ্ৰেছে ক্ৰছ ভোট কৰিব বুলি দাবী কৰি তেওঁলোকে কয় যে তেওঁলোকৰহে গোপন পৰিকল্পনা আছে ৷

লগতে পঢ়ক:অসমত ওলট পালট হ'ব পাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ অংক

ABOUT THE AUTHOR

...view details