অসম

assam

By

Published : May 21, 2021, 10:48 PM IST

Updated : May 22, 2021, 6:50 AM IST

ETV Bharat / state

জামুগুৰিহাটৰ উচ্ছেদ : মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এআইইউডিএফৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত চলোৱা উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এআইইউডিএফে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দলটোৱে উপস্থিত হৈ সকলোধৰণৰ উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিবলৈ আবেদন জনায়।

জামুগুৰিহাটৰ উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিলে এআইইউডিএফে
জামুগুৰিহাটৰ উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিলে এআইইউডিএফে

গুৱাহাটী,২১ মে' : পঞ্চদশ অসম বিধানসভাৰ আজি প্ৰথমখন অধিৱেশনৰ দিনা এ আই ইউ ডি এফ দলৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এআইইউডিএফ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশমৰ্মে বিধায়িনী দলৰ তৰফৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত চলোৱা অমানৱীয় উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

জামুগুৰিহাটৰ উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিলে এআইইউডিএফে

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত দলটোৱে উপস্থিত হৈ সকলোধৰণৰ উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিবলৈ আবেদন জনায়। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিবাচক সহাঁৰি জনাই বুলি দলটোৱে জানিবলৈ দিয়ে।

উল্লেখ্য যে, সজাঁতি দলত বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ কাছিমি, উপ দলপতি হাজি আমিনুল ইছলাম, মুখ্য সচেতক ড° হাফিজ ৰফিকুল ইছলাম, ধুবুৰীৰ বিধায়ক নজৰুল হক, মানকাছৰৰ বিধায়ক অধিবক্তা আমিনুল ইছলাম, সোনাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, দলগাওঁৰ বিধায়ক মজিবুৰ ৰহমান আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন আছিল।

লগতে পঢ়ক: বিধায়ক হিচাপে শপত ল’লে অখিল গগৈয়ে

Last Updated : May 22, 2021, 6:50 AM IST

ABOUT THE AUTHOR

...view details