অসম

assam

By

Published : Jun 13, 2022, 10:57 PM IST

ETV Bharat / state

Written examination of health department: স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা নিজ জিলাতে দিয়াৰ ব্যৱস্থা কৰাৰ দাবী

স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ খালী পদ পূৰণৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত প্ৰতি জিলাৰ প্ৰাৰ্থীক নিজ জিলাতে পৰীক্ষা দিয়াৰ সুবিধা দিবলৈ দাবী জনাইছে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে (Written examination of health department) ৷

স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা নিজ জিলাতে দিয়াৰ ব্যৱস্থা কৰাৰ দাবী
স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা নিজ জিলাতে দিয়াৰ ব্যৱস্থা কৰাৰ দাবী

গুৱাহাটী, 13 জুন: অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ খালী পদ পূৰণৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত প্ৰতি জিলাৰ প্ৰাৰ্থীক নিজ জিলাতে পৰীক্ষা দিয়াৰ সুবিধা দিবলৈ দাবী জনাইছে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে (AIUDF general secretary)৷

গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে অসম চৰকাৰে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ ১১৯২ টা খালী পদত নিযুক্তি দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে (DHSFW examination for Grade 4 post) ৷ উক্ত পদৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত বহু জিলাৰ প্ৰাৰ্থীয়ে নিজ জিলা অথবা কাষৰীয়া জিলাৰ সলনি দূৰৰ জিলাৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব লাগিব ৷ তদুপৰি পৰীক্ষাৰ তাৰিখক লৈ চৰকাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ।

স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা নিজ জিলাতে দিয়াৰ ব্যৱস্থা কৰাৰ দাবী

তেওঁ কয় যে অসম চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ অবিবেচকী সিদ্ধান্তৰ ফলত নিবনুৱা যুৱক-যুৱতীসকলৰ বহু কষ্টৰ লগতে যথেষ্ট খৰচ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ যুৱতী প্ৰাৰ্থীসকলে আৰু অধিক সমস্যাত পৰিব ৷ তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে বিভাগৰ আজৱ সিদ্ধান্তৰ বাবে বৰপেটাকে ধৰি নামনি অসমৰ বিভিন্ন জিলাৰ প্ৰাৰ্থীৰ বাবে ৪০০/৫০০ কিলোমিটাৰ দূৰৰ তিনিচুকীয়া, বিশ্বনাথ আদি জিলাত পৰীক্ষা কেন্দ্ৰ নিৰ্ধাৰণ কৰিছে ৷

ঠিক সেইদৰে নগাঁও জিলাৰ প্ৰাৰ্থীৰ বাবে ডিব্ৰুগড় জিলাত কেন্দ্ৰ নিৰ্ধাৰণ কৰিছে ৷ এয়া অবিবেচকী আৰু আজৱ কাণ্ড হিচাপেই বিবেচিত হৈছে ৷ ইয়াৰ ফলত এজন নিবনুৱা প্ৰাৰ্থীয়ে ৪০০০/৫০০০ টকা খৰচ কৰিব লাগিব ৷ যুৱতী প্ৰাৰ্থীসকল অধিক কষ্টৰ সন্মুখীন হ’ব ৷ এনে বহু প্ৰাৰ্থী আছে যিসকলে টকাৰ অভাবৰ বাবে দূৰণিৰ জিলালৈ গৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব ৷ এজন প্ৰাৰ্থীক নিজৰ জিলাতেই পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব নোৱাৰাৰ কোনো যুক্তি নাই ৷

সেয়া সম্ভৱ নহ’লেও কাষতে থকা জিলাসমূহত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিব পাৰে ৷ কিন্তু স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ বাবে সেয়াও কৰা নহ’ল ৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ চাৰি লাখ নিবনুৱাই পিয়ন-চকীদাৰ আদি পদৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷ উল্লেখনীয় যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত আৱেদন মাচুল হিচাপে ইতিমধ্যে ৪০ কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিছে ৷ আৱেদনৰ নামতে প্ৰাৰ্থীসকলে বহু টকা খৰচ কৰিবলগীয়া হৈছে ৷ পুনৰ পৰীক্ষাৰ নামত খৰচ কৰিবলগীয়া হোৱাটো ডাঙৰ বোজা হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক:জ'ন ইংতি কাথাৰৰ বিষ্ফোৰণ: এই জয় জিলাবাসীৰ জয় নহয়

ABOUT THE AUTHOR

...view details