গুৱাহাটী, ১২ মে’ :অসমত কংগ্ৰেছ বা আন বিৰোধীয়ে এলাগী কৰিছে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত বৰপীৰা পাৰি চাহ-জলপান খুৱালে বদৰুদ্দিন আজমলক (Badruddin Ajmal) ৷ কংগ্ৰেছে অসমত গুৰুত্ব দিব নোখোজা AIUDF ক ৰাষ্ট্ৰীয় শক্তিৰ অংশীদাৰ হ’বলৈ মাতি নি ফুলৰ থোপাৰে আদৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Ajmal meets Nitish Kumar) ৷
অসমত কংগ্ৰেছৰ নেতৃত্বত গঠিত ১১ দলীয় সন্মিলিত বিৰোধী শক্তিয়ে আঁতৰত ৰাখিলেও AIUDFয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ৰাজনৈতিক সঞ্চালন অব্যাহত ৰাখিছে ৷ শুকুৰবাৰে AIUDF ৰ এক সঁজাতী দলে সাক্ষাৎ কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৷ নেতৃত্বত AIUDF ৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল ৷ আগন্তুক ২০২৪ ৰ লোকসভাৰ বাবে তৃতীয় সংগঠিত বিকল্প শক্তিৰ প্ৰচেষ্টাত থকা নীতিশ কুমাৰক শুকুৰবাৰে আগবেলা সাক্ষাৎ কৰে AIUDFৰ নেতৃত্বই (Opposition front led by Nitish Kumar) ৷
প্ৰায় এঘণ্টা সময় ধৰি নেতিশ কুমাৰে AIUDF ৰ দলটোৰ সৈতে আলোচনা কৰিলে দেশৰ সাম্প্ৰতিক ৰাজনীতি প্ৰসংগত ৷ সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বত যোৱা দলটোত আছিল AIUDFৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু ধুবুৰীৰ বিধায়ক নজৰুল হক ৷
ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত আমিনুল ইছলামে সদৰী কৰে যে নীতিশ কুমাৰৰ আমন্ত্ৰণ মৰ্মেই AIUDFৰ দলটো গৈ বিহাৰৰ পাটনা উপস্থিত হয় ৷ নীতিশ কুমাৰে AIUDFক বিজেপি বিৰোধী শক্তিৰ সৈতে চামিল হ’বলৈ আদৰণি জনায় ৷ AIUDFয়েও নীতিশৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপি বিৰোধী তৃতীয় শক্তিত চামিল হৈ সক্ৰিয় অংশীদাৰ হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে (AIUDF joins opposition front) ৷