হজ যাত্ৰীৰ বাবে বিমান সেৱা বৃদ্ধি
হজ যাত্ৰীৰ সুবিধাৰ্থে 14 জুলাইত আৰু দুখন বিমানৰ যোগান ধৰা হয় ৷ এখনত সোমবাৰে 300 হজ যাত্ৰী যাব আৰু 15 জুলাইত তিনিখন বিমানত 450 হজ যাত্ৰী যাব
গুৱাহাটী, 13 জুলাইঃ উত্তৰ পূবৰ হজ যাত্ৰীৰ বাবে বিমান সেৱাৰ সংখ্যা বৃদ্ধি ৷ উত্তৰ পূবৰ হজ যাত্ৰীৰ বাবে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰৰ পৰা মক্কালৈ যোৱাৰ বাবে 4 জুলাইৰ পৰা 13 জুলাই লৈ এশ এখনকৈ বিমান সেৱা প্ৰদান কৰা হৈছিল ৷ য'ত এখন বিমানত 150 জনকৈ হজ যাত্ৰী মক্কালৈ উৰা মাৰে। হজ যাত্ৰীৰ সুবিধাৰ্থে 14 জুলাইত আৰু দুখন বিমানৰ যোগান ধৰা হয় ৷ এখনত সোমবাৰে 300 হজ যাত্ৰী যাব আৰু 15 জুলাইত তিনিখন বিমানত 450 হজ যাত্ৰী যাব । লগতে 16 জুলাইৰ পৰা প্ৰতিদিনে দুখনকৈ বিমান মক্কালৈ হজ যাত্ৰী লৈ উৰা মৰাৰ কথা জানিবলৈ দিয়ে উত্তৰ পূবৰ হজ কমিটিৰ বিষয়ববীয়াই ।