গুৱাহাটী, ৬ আগষ্টঃ বহু সমীকৰণ আৰু ৰাজনৈতিক হিচাপ নিকাচৰ অন্তত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অনুমোদন জনোৱাৰ পিছত অলপতে ঘোষণা কৰা হৈছে দলটোৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিখন ৷ এইখন সমিতিৰ গুৰুত্ব এইবাবেই অধিক, কিয়নো 2021 ৰ বিধানসভা নিৰ্বাচন পৰিচালনা কৰাৰ গুৰু দায়িত্বভাৰ থাকিব এই সমিতিৰ ওপৰতে ৷ দলৰ কেন্দ্ৰীয় নেতৃত্বই পূৰ্বতেই স্পষ্ট কৰি দিছিল যে ৰাজ্যিক কাৰ্যনিৰ্বাহকত এইবাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱাসকলে কোনো কাৰণতে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব ৷ সেই সূত্ৰ আগত ৰাখিয়েই সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়া হৈছে দলটোৰ তিনিগৰাকীকৈ সাংসদক ৷ তেওঁলোক হৈছে ডাঃ ৰাজদ্বীপ ৰায়, তপন কুমাৰ গগৈ আৰু পল্লৱলোচন দাস ৷
বহু ৰাজনৈতিক অংক আগত ৰাখি গঠন কৰা এই নতুন সমিতিখনে আগন্তুক বিধানসভা নিৰ্বাচন অতি কৌশলপূৰ্ণ আৰু নিখুঁতভাবে পৰিচালনা কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰিছে দলটোৰ নৱনিযুক্ত উপ-সভাপতি জয়ন্ত দাসে ৷ বিগত সুদীৰ্ঘ সময়জুৰি দিছপুৰ সমষ্টিৰ দাবীদাৰ হিচাপে থিয় হোৱা জয়ন্ত দাসে একে সময়তে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰত লবীকেন্দ্ৰীক ৰাজনীতি চলি থকাৰ অভিযোগো একে আষাৰে খণ্ডন কৰে ৷