গুৱাহাটী, 9 এপ্ৰিলঃ বিশ্বনাথ কাণ্ডক নিন্দা জনাইছে ৰাজ্যজুৰি ৷ একাংশ উগ্ৰ হিন্দুবাদী লোকে চৌকত আলী নামৰ এগৰাকী বৃদ্ধক গাহৰি মাংস খাবলৈ বাধ্য কৰোৱা ঘটনাক ধিক্কাৰ দিয়ে সকলোৱে ৷ চ'ছিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাচতে এতিয়া দোষীৰ শাস্তিৰ দাবী জনায় ৰাইজে ৷
বিশ্বনাথ কাণ্ডক ধিক্কাৰ সৰ্বসাধাৰণৰঃ দোষীক শাস্তিৰ দাবী ঐক্য সেনা অসমৰ - ঐক্য সেনা অসম
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনায় ঐক্য সেনা অসমে ৷ দোষীক শীঘ্ৰে কৰায়ত্ব নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।
বিশ্বনাথ কাণ্ডক ধিক্কাৰ সৰ্বসাধাৰণৰ
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনায় ঐক্য সেনা অসমে ৷ দোষীক শীঘ্ৰে কৰায়ত্ব নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে । তাৰোপৰি এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসন নীৰৱ হৈ থাকিলে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোত পথ অৱৰোধ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয় সংগঠনটোৱে।