গুৱাহাটী,6 নৱেম্বৰঃসাতদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধানত থকা জিতেন্দ্ৰ সিং। শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ হোটেল গেট'ৱেত নিজৰ ভ্ৰমণ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰিলে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে। শংকৰদেৱৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ, জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে সুঁৱৰি সংবাদমেলৰ আৰম্ভ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকীয়ে। সিঙৰ মন্তব্য 'জ্যোতিপ্ৰসাদ কেৱল অসমতে প্ৰসিদ্ধ নহয়। সমগ্ৰ ভাৰততে বিশ্ব দৰবাৰত অসম তথা অসমবাসীক প্ৰতিষ্ঠা কৰি থৈ গৈছে সৰ্বকালৰ এই মহান শিল্পীগৰাকীয়ে। কেৱল অসমেই নহয়, ৰাজস্থানেও লাভ কৰিবলৈ সক্ষম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই মহান সান্নিধ্য। এই সকল মহান মণিষীৰ অৱদান থকা অসম তথা অসমবাসী কেতিয়াও পিছপৰি থাকিব নোৱাৰে'।
২০২১ ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বহুধাবিভক্ত কংগ্ৰেছক সুসংগঠিত কৰি দিছপুৰ দখলৰ স্বাৰ্থত দলীয় নেতৃত্বৰ সৈতে ৰাষ্ট্ৰীয় নেতাগৰাকী মিলিত হৈছে ইখনৰ পিচত সিখনকৈ বৈঠকত। শুকুৰবাৰে সংবাদমেলত নিজৰ ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰোৱাৰ লগতে বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি ল'লে নেতাগৰাকীয়ে। জিতেন্দ্ৰ সিঙৰ মন্ত্যব্য,' বিজেপিয়ে কেৱল কথাৰ ৰাজনীতি কৰে। ২০১৬ত নিবনুৱা সংস্থাপনৰ কথা কৈছিল চৰকাৰখনে। কিন্তু আজিলৈকে কিমানজনক সংস্থাপিত কৰিলে চৰকাৰখনে। ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়াৰ ললীপপ খুৱাই বিজেপি দলে তেওঁলোকৰ আৱেগ জয় কৰি ক্ষমতালৈ আহিছিল। কিন্তু এতিয়া পাঁচ বছৰ সমাপ্ত হ'বৰ হ'ল, তেওঁলোকৰ আশ্বাস, আশ্বাস হৈয়ে ৰল। এইখন চৰকাৰৰ দিনতে ৫০ শতাংশতকৈও অধিক লোক নিবনুৱালৈ পৰ্যবেসিত হৈছে । উন্নয়নৰ ক্ষেত্ৰতো বিজেপি চৰকাৰখনে অসমবাসী ৰাইজক আভুৱা ভাৰিছে। বিজেপিয়ে যি মানবোৰ উন্নয়নৰ সমাপ্ত কৰিছে সেয়া সকলোবোৰ কংগ্ৰেছৰ দিনতে আৰম্ভ হৈছিল। বিজেপিয়ে মাথোঁ তাত ৰহন হে সানিছে'।