অসম

assam

ETV Bharat / state

Congress president election: অসমৰ ২৮৯ প্রতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ - Election for Congress national president

সকলো প্ৰতিনিধিক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Pradesh Congress President Bhupen Bora)। সোমবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে গুৱাহাটীৰ ৰাজীৱ ভৱনত (Rajiv Bhawan in Guwahati) অসমৰ প্ৰদেশ কংগ্ৰেছৰ ২৮৯ গৰাকী সদস্য প্রতিনিধিয়ে ভোটদান কৰিব ।

Congress president election
অসমৰ ২৮৯ প্রতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ

By

Published : Oct 16, 2022, 3:57 PM IST

গুৱাহাটী,১৬ অক্টোবৰ: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ (AICC president elelction) সভাপতি নিৰ্বাচনৰ বাবে গুৱাহাটী ৰাজীৱ ভৱনো সাজু কৰি তোলা হৈছে । উল্লেখ্য় যে সোমবাৰে অনুষ্ঠিত হ'ব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ নিৰ্বাচন । সভাপতিৰ দৌৰত আছে মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge)আৰু শশী থাৰুৰ (Shashi Tharoor)। ইতিমধ্যে দুয়োগৰাকীয়ে প্ৰাৰ্থীয়ে গুৱাহাটীলৈ আহি প্ৰচাৰ অভিযান চলাই গৈছে ।

অসমৰ ২৮৯ গৰাকী প্রতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ

কাইলৈ অনুষ্ঠিত হ'ব বহু উৎকণ্ঠিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ নিৰ্বাচন (Election for Congress national president)। অসমতো প্ৰতিনিধিসকল সাজু হৈছে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে । সভাপতি নিৰ্বাচনত নিজৰ নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰি দলটোৰ এগৰাকী নেতা নিৰ্বাচনত সক্রিয় ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই প্রদেশ কংগ্ৰেছৰ প্রতিনিধি সকলৰ প্ৰতি আহ্বান জনাইছে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জনোৱা মতে, ১৭ অক্টোবৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ বাবে দেশজুৰি সাংগঠনিক নির্বাচন অনুষ্ঠিত হ'ব । সেই অনুসৰি অসমতো প্রদেশ কংগ্ৰেছৰ ২৮৯ গৰাকী সদস্য প্রতিনিধিয়ে দলটোৰ মুৰব্বী নিৰ্বাচনৰ বাবে ভোটদান কৰিব । পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসমৰ প্ৰদেশ কংগ্ৰেছৰ ২৮৯ গৰাকী সদস্য প্রতিনিধিয়ে ভোটদান কৰিব ।

সভাপতি বৰাই অসমৰ প্ৰদেশ কংগ্ৰেছৰ সমূহ সদস্য প্রতিনিধিক পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ ভোটদান সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছে । উল্লেখ্য় যে সভাপতি নিৰ্বাচনৰ বাবে প্রদেশ কংগ্ৰেছৰ অন্তর্গত প্ৰতিটো ব্লক কংগ্ৰেছৰ পৰা এজনকৈ প্রতিনিধি বাছনি কৰা হৈছে । বুথ পৰ্যায়ত সদস্যভৰ্তিৰ পিছত তেওঁলোকৰ মাজৰ পৰা ব্লক পর্যায়ত এজন কংগ্ৰেছ কৰ্মীক দিয়া হৈছে ভোটাধিকাৰ ।

অসমত নিৰ্বাচনৰ বাবে দিল্লীৰ প্ৰাক্তন অধ্যক্ষ হাৰুন ইউচুক ৰিটার্নিং অফিচাৰ হিচাপে নিযুক্তি (Harun Yousuk appointed as Returning Officer) দিয়া হৈছে । নিৰ্বাচনত সাংসদ,বিধায়কৰ পৰা সাধাৰণ কৰ্মীলৈ সকলোৰে আছে ভোটাধিকাৰ । অর্থাৎ ব্লক কংগ্ৰেছ কমিটীৰ পৰা যাকেই প্রতিনিধি হিচাপে প্ৰেৰণ কৰা হৈছে সেইজনেই সভাপতি নির্বাচনত ভোটদান কৰিব ।

লগতে পঢ়ক:Barpeta Fireworks : দীপাৱলীৰ বাবে সাজু বৰপেটাৰ থলুৱা আতচবাজ

ABOUT THE AUTHOR

...view details