অসম

assam

By

Published : Aug 7, 2023, 7:34 AM IST

ETV Bharat / state

AICC on Bhupen Borah: সভাপতি সলনি নহয়; ভূপেন বৰাৰ প্ৰতি কংগ্ৰেছৰ সম্পূর্ণ আস্থা আছে; জিতেন্দ্ৰ সিং

নতুন দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্র সিঙৰ সংবাদমেল ৷ ভূপেন বৰাৰ প্ৰতি কংগ্ৰেছৰ সম্পূর্ণ আস্থা আছে বুলি সংবাদমেলযোগে উল্লেখ কৰে সিঙে ৷ মিত্ৰজোঁট সন্দৰ্ভতো গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় জিতেন্দ্র সিঙে ৷

Etv Bharat
Etv Bharat

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ সংবাদ মেল

গুৱাহাটী, 7 আগষ্ট: প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পূৰ্ণ আস্থা আছে আৰু ভূপেন বৰাৰ নেতৃত্বতে প্রদেশ কংগ্ৰেছৰ কাম-কাজ পৰিচালিত হ’ব । এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্র সিঙৰ । নতুন দিল্লীত 6 আগষ্ট দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰি সিঙে কয় যে, কোনো পক্ষই বিভ্রান্তি সৃষ্টিৰ বাবে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি সলনি হ'ব বুলি উৰাবাতৰি বিয়পাইছে ।

উল্লেখ্য যে, সামাজিক মাধ্যমৰ লগতে একাংশ সংবাদ মাধ্যমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ব বুলি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে । এই চৰ্চাৰ প্ৰসংগত সিঙে স্পষ্ট কৰি দিয়ে যে, ভূপেন বৰায়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকিব । তেওঁ লগতে কয় যে, নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসমৰ সহযোগী 12 টা দলক লৈ বিৰোধী ঐক্য মঞ্চ I.N.D.I.A. ৰ কাম-কাজ পৰিচালনা কৰিব । এই সন্দৰ্ভত নতুন দিল্লীত 8 আগষ্টত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলিও সিঙে জানিবলৈ দিয়ে । এই বৈঠকত অসমৰ সমস্যাৰাজিৰ কথা আলোচনা কৰাৰ লগতে বিৰোধীৰ ৰণ-কৌশল সম্পর্কতো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

সাংসদ বদৰুদ্দিন আজমল প্ৰসংগত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বদৰুদ্দিন আজমলে ভাৰতীয় জনতা পাৰ্টিৰ এজেন্টৰ দৰে কাম কৰিছে আৰু এ আই ইউ ডি এফৰ লগত I.N.D.I.A. ই কোনোধৰণৰ মহাজোঁট নকৰে । আজমলে I.N.D.I.A. ৰ লগত সংযুক্ত হোৱাৰ কথা সপোনতহে ভাবে বুলি উল্লেখ কৰি সিঙে কয় যে তেওঁলোকে প্রয়োজনত বিজেপিৰ লগত চামিল হওঁক । আজমল জ্যেষ্ঠ নেতা যদিও বিৰোধী ঐক্যত কোনো প্রয়োজন নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

ইয়াৰ বিপৰীতে অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ লগতে অসমৰ আন 11 টা সহযোগী দলৰ লগত একত্ৰিতভাৱে কংগ্ৰেছে কাম কৰিব বুলিও তেওঁ মন্তব্য কৰে । সিঙে কয় যে I.N.D.I.A. মহাজোঁটৰ আৰম্ভ হোৱাৰ পূৰ্বেই অসমত বাওঁপন্থী দলৰ লগতে আঞ্চলিক দলসমূহ একত্রিত হৈ 12 টা দলে বিৰোধীৰ মিত্ৰজোঁট আৰম্ভ কৰিছিল । অসমৰ সুকীয়া ঐতিহ্য আৰু সংস্কৃতি সুৰক্ষিত কৰিবৰ বাবে বিৰোধীয়ে একত্ৰিতভাৱে কাম কৰা বুলিও তেওঁ উল্লেখ কৰে । অসমৰ জনতাৰ কণ্ঠ বিৰোধীয়ে তুলি ধৰিবৰ বাবে শীঘ্ৰে কাম আৰম্ভ কৰি I.N.D.I.A.ৰ সহযোগী দলসমূহে বিজেপি দল আৰু চৰকাৰৰ প্ৰৱঞ্চনা আৰু প্ৰতাৰণা ৰাইজৰ সমুখত উন্মোচন কৰিব ।

অসমৰ চাহ জনগোষ্ঠীকে ধৰি আন আন জনগোষ্ঠীসমূহক জনজাতিকৰণৰ নামত প্ৰৱঞ্চনা কৰা আৰু বিশেষকৈ চাহ জনগোষ্ঠীক কৰা অৱহেলাৰ বিষয়টো গুৰুত্ব সহকাৰে কংগ্ৰেছ দলে ৰাইজৰ মাজলৈ লৈ যাব । সিঙে লগতে কয় যে, 8 আগষ্টত I.N.D.I.A. ৰ সহযোগী 12 টা দলৰ প্ৰতিনিধিয়ে দিল্লীৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰিব আৰু ৰাহুল গান্ধীয়ে I.N.D.I.A.ৰ সহযোগী নেতা-কর্মীসকলক সম্বোধন কৰিব ।

তেওঁ কয় যে, গুৰুত্বপূৰ্ণ বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধ্যক্ষ মল্লিকার্জুন খাৰ্গে উপস্থিত থাকিব আৰু I.N.D.I.A.ৰ কৰ্মসূচী সন্দৰ্ভত আলোচনা কৰাৰ লগতে অসমৰ 12 টা দলে এতিয়াৰে পৰা I.N.D.I.A.ৰ সহযোগী হিচাপে কাম-কাজ কৰিব ।

ইফালে ৰাহুল গান্ধী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া গুৰুত্বপূৰ্ণ ৰায়ক দেশৰ সকলো নাগৰিকে আদৰি লৈছে আৰু এয়া সত্যৰ জয় বুলি উল্লেখ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সিঙে কয় যে, বিজেপি চৰকাৰে এখন নিম্ন আদালতৰ ৰায়ৰ 24 ঘণ্টাৰ পিচতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে তেওঁ থকা চৰকাৰী আৱাস এৰি দিবলৈ বাধ্য কৰাইছিল । কিন্তু উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ 3 দিন পিচতো সাংসদ পদ ঘূৰাই দিয়াৰ নামেই নোলোৱাত তেওঁ আশ্চর্য প্ৰকাশ কৰে । তেওঁ কয় যে, ভাৰতীয় জনতা পাৰ্টী আৰু চৰকাৰে আক্রোশমূলকভাৱে লোৱা সিদ্ধান্তক দেশৰ জনতাই লক্ষ্য কৰি আছে । দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি কংগ্ৰেছৰ গভীৰ আস্থা আছে বুলিও জিতেন্দ্ৰ সিঙে উল্লেখ কৰে ৷

লগতে পঢ়ক :Brutal Murder in Guwahati: জ্যেষ্ঠ ভাতৃৰ নৃশংস আক্ৰমণত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details