গুৱাহাটী, ২৮ এপ্ৰিল : জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে উত্থাপন কৰা কেতবোৰ বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি উত্তাল হৈ আছে । বিশেষকৈ বিৰোধী দল কংগ্ৰেছ এই ঘটনাকলৈ বিশেষভাৱে সৰৱ হৈ পৰিছে । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয় (AICC GS Jitendra Singh in Guwahati) ।
তেওঁ কয় যে, বিজেপি চৰকাৰৰ দিনত দেশে সংকটৰ সন্মুখীন হৈছে । দেশৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত আক্ৰমণ হৈছে । তিনিখন ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল তথা বিজেপিৰ উপ-সভাপতি সত্যপাল মালিকে উদঙাই দিছে মোডী চৰকাৰৰ প্ৰকৃত স্বৰূপ । সত্যপাল মালিকৰ শেহতীয়া বিস্ফোৰক সাক্ষাৎকাৰে এই কথাকে প্ৰতিপন্ন কৰে যে প্ৰধানমন্ত্ৰীয়ে দুর্নীতিক ঘৃণা নকৰে (AICC GS Jitendra Singh criticized PM Modi) ।
তেওঁ কয় যে, প্ৰধানমন্ত্ৰীক দুৰ্নীতিৰ কেইবাটাও গুৰুতৰ অভিযোগ দৃষ্টিগোচৰ কৰাৰ পিচত ২০২০ চনৰ আগষ্ট মাহত সত্যপাল মালিকক গোৱাৰ ৰাজ্যপাল পদৰ পৰা আঁতৰাই মেঘালয়লৈ প্ৰেৰণ কৰা হ’ল । তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ সন্দৰ্ভত প্ৰাক্তন ৰাজ্যপাল মালিকে মত পোষণ কৰিছে যে, এইটো এটা ততাতৈয়াকৈ লোৱা পৰিকল্পনাবিহীন হঠকাৰী সিদ্ধান্ত আছিল । তাৰ পিচত কাশ্মীৰত নিৰন্তৰ কাশ্মীৰী পণ্ডিতসকলক হত্যা কৰা হৈছে ।
পুলৱামা কাণ্ডৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, পুলৱামা কাণ্ড সন্দৰ্ভত ঘটনাৰ পিচতে প্ৰধানমন্ত্ৰী মোডীয়ে সেই সময়ৰ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকক মনে মনে থাকিব কৈছিল । সত্যপাল মালিকে সদৰী কৰিছিল যে, পুলৱামাত চি আৰ পি এফৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণ গৃহ মন্ত্ৰালয়ৰ ‘বিফলতা’ আৰু ‘গাফিলতি’ৰ ফল । মালিকে বিতংভাৱে কৈছিল কেনেকৈ চি আৰ পি এফে তেওঁলোকৰ জোৱানসকলক কঢ়িয়াই নিয়াৰ বাবে ৫ খন বিমান বিচাৰিছিল আৰু কেনেকৈ কিন্তু গৃহ মন্ত্ৰালয়ে সেয়া দিবলৈ অস্বীকাৰ কৰিছিল ।
আনহাতে, পুলৱামা আক্ৰমণৰ পিচতে সত্যপাল মালিকে প্ৰধানমন্ত্ৰীক ফোন কৰাত প্ৰধানমন্ত্ৰী ফটো চেছনত ব্যস্ত আছিল আৰু মালিকক মনে মনে থাকিব কৈছিল । তেওঁৰ সৈতে টেলিফোনত কথা পতাৰ সময়ত তেওঁ এই ত্ৰুটীবোৰ উত্থাপন কৰিছিল । আনকি অজিৎ ডোভালেও সত্যপাল মালিকক মনে মনে থাকিবলৈ আৰু এই বিষয়ে একো প্ৰকাশ নকৰিবলৈ সতর্কবাণী শুনাইছিল ।