নিউজ ডেস্ক,8 জানুৱাৰী: চাৰিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ৷ শুকুৰবাৰে দিনৰ 10.20 বজাত বৰাঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তাৰ পৰা পোন পোনে হাজোৰ পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শনৰ বাবে উপস্থিত হ’ব জিতেন্দ্ৰ সিং ৷ ইয়াৰ পিছতে গুৱাহটীলৈ ৰাওনা হ’ব কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকী ৷ পুনৰ আবেলি 4 বজাৰ পৰা 7 বজালৈ বৈঠকত মিলিত হ’ব জিতেন্দ্ৰ সিং ৷
শনিবাৰে পুৱা 10 বজাত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এত কংগ্ৰেছৰ বিভাগীয় বৈঠকত মিলিত হ’ব অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদ গৰাকী ৷ 10 জানুৱাৰী দেওবাৰে দিনৰজোৰা কাৰ্যসূচীৰে বিভিন্ন বৈঠকত মিলিত হোৱাৰ অন্তত সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈ পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সকলৰ সৈতে বৈঠকত মিলিত হ’ব জিতেন্দ্ৰ সিং ৷ ভ্ৰমণসূচীৰ তৃতীয় দিনৰ কাৰ্যসূচীত সৰুক্ষেত্ৰীত কংগ্ৰেছ বুথ সন্মীলনত অংশগ্ৰহণ কৰাৰ লগতে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সকলৰ সৈতে বৈঠকত মিলিত হ’ব ৷