গুৱাহাটী, ১৬ জুন : বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে(congress) শোচনীয়ভাৱে পৰাজয়বৰণ কৰাৰ পিছৰে পৰা প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰত এক ধৰণৰ নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ উদ্ভৱ হৈছে । কেইবাজনো বৰ্তমানৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ আদিয়ে ইতিমধ্যে মুকলিকৈ সংবাদ মাধ্যমৰ আগত দলীয় নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ কৰাই নহয়, অতি কটু সমালোচনাও কৰিছে ।
বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি ৰিপুণ বৰাক উক্ত পদৰ পৰা আঁতৰাই এগৰাকী নতুন সভাপতি নিযুক্তি দিবলৈও ইতিমধ্যে কেইবাজনো প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন বিধায়কে পত্ৰ প্ৰেৰণ কৰিছে ছোনিয়া গান্ধীলৈ । আনকি অনুৰূপ পত্ৰ হাই কমাণ্ডলৈ পঠিয়াইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
এনে পৰিস্থিতিত খুব সূক্ষ্মভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ(APCC) সমস্ত ঘটনাক্ৰম পৰ্যবেক্ষণ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটি(AICC) য়ে । এআইচিচিৰ অন্যতম সম্পাদক(AICC general secretary) ভূপেন কুমাৰ বৰাই(Bhupen kumar Bora) বুধবাৰে ইটিভি ভাৰত(etv bharat)ক কয় যে, নিৰ্বাচনত জয় বা পৰাজয় ডাঙৰ কথা নহয় । ডাঙৰ কথা হৈছে দলটোৰ প্ৰতি থকা দায়বদ্ধতা আৰু আনুগত্যহে ।