গুৱাহাটী, ৫ ছেপ্টেম্বৰ :আগন্তুক ছটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ ক্ষেত্ৰত সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ কৰ্তৃত্ব কংগ্ৰেছ হাইকমাণ্ডে ন্যস্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ ওপৰত । সম্প্ৰতি দিল্লীত বাহৰ পাতি থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেওবাৰে ইটিভি ভাৰতৰ আগত এই কথা নিশ্চিত কৰে ।
তেওঁ লগতে আৰু কয় যে, ইতিমধ্যে উপ-নিৰ্বাচন সম্পৰ্কে সকলো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এখন আঠজনীয়া সমিতি গঠন কৰা হৈছে ৷ সেই সমিতিকেই সকলো সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব হাইকমাণ্ডে অৰ্পণ কৰিছে । উল্লেখযোগ্য যে, এই আঠজনীয়া সমিতি গঠন কৰা হৈছে সভাপতি ভূপেন বৰাৰ নেতৃত্বত ।