গুৱাহাটী, 9 জুন :অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে(Assam Higher Secondary Education Council) বৃহস্পতিবাৰে জাৰি কৰে এক জৰুৰী নিৰ্দেশনা । উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC orders to promote all HS first year students) । ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰি দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৷
নিৰ্দেশনা অনুযায়ী যিসকল পৰীক্ষাৰ্থীয়ে প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নামভৰ্তি কৰিছিল বা আংশিকভাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই পৰীক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰি দিয়াৰ বাবে ৰাজ্যৰ সকলো উচ্চতৰ মাধমিক বিদালয়ৰ প্ৰধান শিক্ষকসকলক ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নিৰ্দেশনা জাৰি কৰিছে ।