গুৱাহাটী, ৪ মে' : শিক্ষাবর্ষ আৰম্ভ হোৱাৰ প্ৰায় এমাহ পাছত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰম সলনি হ’ব বুলি ঘোষণা কৰিছে (AHSEC decided to changes syllabus) । এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা জাননী অনুসৰি, মুঠ ১৪ টা বিষয়ৰ পাঠ্যক্ৰম সলনি কৰাৰ দিহা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (Assam Higher Secondary Education Council) ।
সেইমর্মে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, ব্যৱসায় অধ্যয়ন, ভূগোল, সমাজতত্ত্ব, অর্থনীতি বিজ্ঞান, একাউণ্টেন্সী, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, বিকল্প ইংৰাজী, ফাইনেন্স আৰু নৃতত্ত্বৰ পাঠ্যক্ৰম সলনি কৰাৰ দিহা কৰা হৈছে বুলি ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (HS curriculum to be changed in Assam) ।
ইয়াৰে বিকল্প ইংৰাজী, ফাইনেন্স আৰু নৃতত্ত্বৰ পাঠ্যক্রম কেৱল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰহে সলনি হ'ব । বাকী ১১ টা বিষয়ৰ পাঠ্যক্রম উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় দুয়োটা বৰ্ষতে সলনি কৰাৰ দিহা কৰা হৈছে । জাননীখন ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু সমপৰ্যায়ৰ শিক্ষানুষ্ঠানৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰা হৈছে ।
জাননীত উল্লেখ কৰা অনুসৰি, নতুন পাঠ্যক্রম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ ৱেবছাইটত ‘নিৰ্দিষ্ট সময়’ত উপলব্ধ হ’ব (AHSEC change in Syllabus) । শিক্ষা সংসদ সচিবে জাৰি কৰা এই নিৰ্দেশৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে শিক্ষা সংসদৰ অধ্যক্ষৰ উপৰি সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক, শিক্ষানুষ্ঠানসমূহৰ মুৰব্বী, শিক্ষা সংসদৰ শৈক্ষিক উপ-সচিব, উপ-পৰীক্ষা নিয়ন্ত্রক, শিক্ষা সংসদৰ সকলো বিষয়া আৰু শৈক্ষিক অধীক্ষকলৈ ।
শিক্ষাবর্ষ আৰম্ভ হোৱাৰ প্ৰায় এমাহৰ পাছত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পাঠ্যক্রম সলনি কৰাৰ দিহা কৰাৰ কথা ঘোষণা কৰা কাৰ্যই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক বিভ্রান্ত, ক্ষুব্ধ আৰু শংকিত কৰিছে (reaction in AHSEC syllabus change) । ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে হেতালি খেলাৰ অধিকাৰ ক'ত পালে বুলিও প্রশ্ন উত্থাপিত হৈছে ।
উল্লেখ্য, ১ এপ্ৰিলত শিক্ষাবর্ষ আৰম্ভ হয় আৰু ৩১ মাৰ্চত শেষ হয় । সেইমতে এইবাৰো ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ২০২৩-২৪ শিক্ষাবর্ষ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাৰ সূত্ৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হোৱা নাই যদিও ব্যক্তিগত খণ্ডৰ অধিকাংশ বিদ্যালয়তে ইতিমধ্যে উচ্চতৰ মাধ্যমিক প্রথম শ্ৰেণীৰ পাঠদান অব্যাহত আছে ।
ইফালে ১ এপ্ৰিলৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শ্ৰেণী আৰম্ভ হৈছে যদিও অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আভ্যন্তৰীণ শৈক্ষিক দিনপঞ্জী অনুসৰি ২ মে'ৰ পৰা পূৰ্ণাংগ ৰূপত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ হ’ব লাগে । পূৰ্ণাংগ ৰূপত পাঠদান আৰম্ভ হোৱাৰ কেইদিনমান পূৰ্বে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পাঠ্যক্ৰম সলনিৰ কথা ঘোষণা কৰাৰ লগে লগে শিক্ষানুষ্ঠানসমূহত হাহাকাৰ লাগিছে ।
লক্ষণীয় বিষয় যে, পাঠ্যক্রম সলনি কৰিলেই কামটো সম্পূৰ্ণ নহয়, পৰৱৰ্তী পৰ্যায়ত আহিব পাঠ্যপুথি প্রস্তুতকৰণ আৰু বিতৰণৰ কাম । তাৰ পূৰ্বে শিক্ষানুষ্ঠানসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাকে ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব লাগিব শিক্ষা সংসদে । এইবোৰ কাম সম্পূৰ্ণ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন । এই সময়খিনিত পাঠ্যপুথিৰ অভাৱত বা পাঠ্যপুথি নির্দিষ্ট নোহোৱাৰ কাৰণে পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ’ব ছাত্ৰ-ছাত্ৰীসকল ।
সেই সময়ছোৱাত কেন্দ্ৰীয় বোৰ্ডৰ ছাত্র-ছাত্রীসকলে নির্বিঘ্নে শিক্ষা গ্ৰহণ কৰি থাকিব । সমস্যাত পৰিব চৰকাৰী খণ্ডৰ শিক্ষাৰ্থী । পাঠ্যক্রম পুনৰীক্ষণ কৰা বা নতুনকৈ প্ৰস্তুত কৰা ইত্যাদি কাম শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূৰ্বেই সম্পূর্ণ হ’ব লাগে । কিন্তু তাকে নকৰি শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পাচত পাঠ্যক্ৰম সলনি কৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শিক্ষাবর্ষ আৰম্ভ হোৱাৰ প্ৰায় এমাহ পাচত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰম সলনিৰ জাননী জাৰি কৰাক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন ।
সংসদৰ এনে হঠকাৰী ভূমিকা সন্দৰ্ভত তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি আছু আৰু নেছ’ৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কয় যে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শিক্ষাৰ্থীৰ জীৱনক লৈ পুনৰবাৰ যে হেতালি খেলিছে সেই কথা প্রমাণিত হ'ল । পাঠ্যক্ৰম প্ৰস্তুত শিক্ষাবর্ষ আৰম্ভ হোৱাৰ আগতে হ'ব লাগিব । শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পাছত পাঠ্যক্রম সলনি কৰিব বিচৰাটো অপৰিকল্পিত চিন্তা-চৰ্চাৰ প্ৰতিফলন । ইফালে এই সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে, পাঠ্যক্ৰম সময়সাপেক্ষে সলনি কৰা হৈছে আৰু শিক্ষাবৰ্ষ আৰম্ভ হৈছে মাত্র । বিষয়টোত মন্ত্রীগৰাকীয়ে গা এৰা মন্তব্য দিয়া পৰিলক্ষিত হয় ।
লগতে পঢ়ক :Assam Direct Recruitment Grade 4 Result 2023 : চতুৰ্থ বৰ্গৰ ১৪২৮১ টা পদৰ ফলাফল ঘোষণা