গুৱাহাটী, ৩১ জুলাই:বহু উৎকণ্ঠাৰ অৱসান ঘটাই 31 জুলাই অৰ্থাৎ আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল । ক'ভিডকালীন পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰে । অসমৰ শৈক্ষিক ইতিহাসত এয়া এক নজিৰ বিহীন ঘটনা ।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল এইবাৰ পৰীক্ষা অবিহনেই ঘোষণা কৰা হ'ল । এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২,৪৯,৮১২ গৰাকী । ইয়াৰ ভিতৰত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ, বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ আৰু বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ ।
ঘোষিত ফলাফল অনুসৰি কলা শাখাত ১,৯১,৮৫৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১,৮৯,৭৯৩ গৰাকী । ইয়াৰে ৫৮২৪৪ গৰাকীয়ে প্ৰথম বিভাগ, ৮৯৫২০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪২০২৯ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । ২০২০ বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৭৮.২৮ শতাংশ ।
আনহাতে, বিজ্ঞান শাখাত মুঠ ৩৮৪৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৮০৬৮ গৰাকী উত্তীৰ্ণ হৈছে । উত্তীৰ্ণ সকলৰ ৩২৯১৭ গৰাকীয়ে প্ৰথম বিভাগ, ৪৬০৯ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৪২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৮.০৬ শতাংশ ।