নিউজ ডেস্ক, 23জানুৱাৰী :আজি ঐতিহাসিক শিৱসাগৰ জেৰেঙা পথাৰত উপস্থিত হয় দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ জনসাধাৰণক উদ্দেশ্যি তেওঁ কয়, মই অসমবাসীক নৱবৰ্ষ আৰু ভোগালীৰ শুভেচ্ছা জনাইছো আহিবলগীয়া দিনবোৰ সৌভাগ্যপূৰ্ণ হওক । অসমৰ প্ৰতি থকা মোৰ মৰমে মোক বাবে বাৰে অসমলৈ টানি আনে । যোৱা বাৰ বড়ো সমস্যা সমাধানৰ সময়ত অসমলৈ অহাৰ পাছত এতিয়া ভূমিপুত্ৰ সকলৰ অধিকাৰ সুৰক্ষিত হোৱাৰ সময়ত আহিছো । আজিৰ দিন স্বাভিমান, স্বাধীনতা আৰু সুৰক্ষাৰ সমন্বয় । আজি অসমৰ ভূমিপুত্ৰ সকলক প্ৰশাসনিক নাৰ্যতা প্ৰদান কৰা হৈছে । আনহাতে এই অনুষ্ঠান হৈছে ঐতিহাসিক জেৰেঙাত, যি জেৰেঙা জয়মতীৰ সাহস আৰু ত্যাগৰ কাৰণে জনাজাত ।
একেদৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, নেতাজীৰ স্মৰণ আমাৰ বাবে আজিও সাহস । এই দিনটোত ৰাষ্ট্ৰীয় সংকল্প সমূহ পূৰণৰ অন্য এক দিন । আমাৰ সংস্কৃতিত মাটি নিৰ্জীৱ হয় । মাটি আমাৰ মাতৃ। ভূপেন হাজৰিকাই কোৱাৰ দৰে অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় এই গানৰ পংক্তি কৈ তেওঁ কয় আজিৰ দিনটোত এই ভূমিপুত্ৰ সকলক আইনী মৰ্যাদা প্ৰদান কৰা হৈছে । ২০১৬ চনত বিজেপি চৰকাৰ গঠন হওঁতে অসমৰ প্ৰায় ৬ লাখ থলুৱা লোকৰ পট্টা নাছিল । কিন্তু বিজেপি চৰকাৰে এই সকলৰ হিতৰ বাবে চিন্তা কৰি ভূমি আইন সংশোধনৰ জৰিয়তে লৈ লাখৰ ঘৰত মাটিপট্টা প্ৰদান কৰা হৈছে । এই মাটিৰ পট্টা কেৱল এখন কাগজ নহয়, কিন্তু এই পট্টাৰ দ্বাৰা এই সকল ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অংশ হ’ব পাৰিব। ব্যৱসায়ৰ বাবে ঋণ পোৱা সহজ হ’ব।
অসমৰ অস্তিত্ব ৰক্ষাৰ কথা ক’বলৈ গৈ মোডীয়ে ভাষণ প্ৰসংগত কয়, অসমৰ প্ৰায় ৭০ সৰু-বৰ জনজাতিৰ সংস্কৃতি, স্বাভিমান আৰু স্বাধীনতা ৰক্ষা কৰাতো বিজেপি চৰকাৰৰ দায়িত্ব । অসমীয়া ভাষাৰ ৰক্ষা আৰু প্ৰসাৰৰ দায়িত্ব অসমৰ বিজেপি চৰকাৰে লৈছে । সেইদৰে শংকৰী সংস্কৃতি ৰক্ষাৰ দিশটো এই চৰকাৰ দায়বদ্ধ । বটদ্ৰৱা সত্ৰ ইয়াৰ উদাহৰণ । বিশ্ব বিখ্যাত কাজিৰঙা আজিৰ চৰকাৰৰ দিনত সুৰক্ষিত । অসমৰ লগতে উত্তৰ-পূৱৰ উন্নতিৰ বাবে আন্তঃগাঁঠনি উন্নত কৰা হৈছে । যাতায়ত উন্নত হৈছে । ভাৰত চৰকাৰৰ আঁচনি সমূহৰ লাভ অসমে পাবলৈ আৰম্ভ কৰিছে । জনধন, উজলা, পানী, অনাময় আদি বিভিন্ন চৰকাৰী সুবিধা সমূহ অসমৰ ৰাইজে পাবলৈ সক্ষম হৈছে । অসমৰ নাৰী সকলে উজলা গেছৰ সুবিধা পাইছে । এই দিশত জনগোষ্ঠী-অনুসূচিত জাতিৰ লোকে বৃহৎ অগ্ৰাধিকাৰ পাইছে । সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস এই ধাৰণাৰে অসমৰ সকলো লোক উন্নয়ণ সম্ভৱ হৈছে বুলি কয় দেশৰ প্ৰধামন্ত্ৰী গৰাকীয়ে ।