গুৱাহাটী, ২১ ছেপ্টেম্বৰ:কৃষিপ্ৰধান ৰাজ্যখনত কৃষকৰ আয় দুগুণ কৰাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও বাস্তৱত ইয়াক ফলপ্ৰসু কৰাৰ বাবে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নাই । কৃষিখণ্ডৰ উত্তৰণৰ বাবে আন্তঃগাঁঠনি নিৰ্মাণত গুৰুত্ব দিয়া নাই চৰকাৰখনে । তাৰেই অন্যতম উদাহৰণ হৈছে জলসিঞ্চন ব্যৱস্থা ।
কৃষিপ্রধান ৰাজ্য এখনত জলসিঞ্চনৰ গুৰুত্ব অপৰিসীম যদিও ৰাজ্যৰ কৃষকক পর্যাপ্ত জলসিঞ্চনৰ সুবিধা আগবঢ়োৱাত চৰম ব্যৰ্থ হৈছে ৰাজ্যৰ জলসিঞ্চন বিভাগ । আনকি এই কথা শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনতো উন্মোচিত হৈছে ।
জলসিঞ্চন বিভাগৰ মুঠ ৩৯১৩ টা প্রকল্পৰ ভিতৰত বিকল হৈ আছে ১৫৮৫ টা প্ৰকল্প চৰকাৰী তথ্য মতে ৰাজ্যৰ মুঠ ৩৮.৮৮ লাখ হেক্টৰ কৃষিভূমিৰ ভিতৰত মাত্র ১৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চন বিভাগৰ আঁচনিৰ দ্বাৰা বৰ্তমান জলসিঞ্চনৰ ব্যৱস্থা আছে । জলসিঞ্চন বিভাগৰ অন্তৰ্গত মুঠ ৩৯১৩ প্রকল্প তথা আঁচনিৰ ভিতৰত বৰ্তমান সময়তো বিকল হৈ আছে ১৫৮৫ খন আঁচনি ।
ৰাজ্যৰ কৃষিখণ্ডৰ দুৰৱস্থা লক্ষণীয় বিষয় যে, বিগত দুবছৰে কেনেকৈ আঁচনিসমূহ বিকল হ'ল তাৰ পৰ্যালোচনা কৰি ৪২০ টা জলসিঞ্চন প্রকল্প ২৪ কোটি টকা ব্যয় কৰি ভাল কৰা হৈছে । চৰকাৰে ৰাজ্যৰ ১০০ শতাংশ কৃষিভূমিত জলসিঞ্চন কৰিব বুলি প্রতিশ্রুতি দিছিল যদিও এইপর্যন্ত মাত্র ১৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিছে । চৰকাৰী তথ্য মতে বর্তমান জলসিঞ্চন বিভাগৰ অধীনত ৰূপায়ণ কৰি থকা আঁচনিসমূহ হৈছে বোৱঁতী জলসিঞ্চন প্রকল্প, বৈদ্যুতিক উত্তোলক জলসিঞ্চন প্রকল্প, গভীৰ নলী-নাদ প্রকল্প, মধ্য গভীৰ নলী-নাদ প্ৰকল্প আৰু অগভীৰ নলী-নাদ প্রকল্প ।
কৃষিখণ্ডৰ উত্তৰণৰ বাবে আন্তঃগাঠনি নিৰ্মাণত গুৰুত্ব দিয়া নাই চৰকাৰখনে উল্লেখ্য যে, জলসিঞ্চন ব্যৱস্থাৰ নামত প্ৰত্যেক বছৰে পুঁজি ব্যয় কৰি অহা হৈছে যদিও কৃষক ৰাইজ উপকৃত হোৱা নাই । বিগত তিনি বছৰত জলসিঞ্চন বিভাগলৈ মঞ্জুৰ কৰা মুঠ ধনৰ পৰিমাণ হৈছে ৩,৬৮,৭৩৬.৯৩ লাখ টকা । ইয়াৰ ভিতৰত ২০২১-২২ বিত্তীয় বৰ্ষত ১,৪০,২৩৯.৩২ লাখ টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ১,২৫,১৭৭.২৯ লাখ টকা আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ১,০৩,৩২০.৩২ লাখ টকাৰ মঞ্জুৰ কৰা হয় ।
জলসিঞ্চন ব্যৱস্থাৰ নামত প্ৰত্যেক বছৰে পুঁজি ব্যয় কৰি অহা হৈছে যদিও কৃষক ৰাইজ উপকৃত হোৱা নাই ইফালে জলসিঞ্চনৰ সুব্যৱস্থা নথকাৰ বাবেই ৰাজ্যৰ কৃষক ৰাইজে বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৃষিকাৰ্য কৰিবলগীয়া হয় । ইফালে জলসিঞ্চনৰ আঁচনিসমূহ কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্রতো কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । বিভাগীয় গাফিলতিৰ বাবেই ৰাজ্যৰ ১৫৮৫ খন জলসিঞ্চন আঁচনিয়েই বন্ধ হৈ আছে ।
ৰাজ্যৰ ৩৯ লাখ হেক্টৰ কৃষিভূমিৰ ১৪ শতাংশতহে আছে জলসিঞ্চনৰ ব্যৱস্থা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত জলসিঞ্চনৰ বিকল আঁচনিসমূহ কার্যক্ষম কৰি তােলাৰ বাবে বিভাগে বিশেষ কোনো পদক্ষেপ গ্রহণ কৰা নাই । নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত কেৱল জলসিঞ্চনৰ কার্যালয় সমূহৰহে পুনৰ গঠন প্রক্রিয়া চলি আছে । বিধানসভাৰ সমষ্টিভিত্তিত জলসিঞ্চনৰ এটাকৈ কার্যালয় স্থাপন কৰা প্রক্রিয়া চলি আছে ।
বিগত বাজেটত বিভাগটোৰ আঁচনিৰ ৰূপায়ণ আৰু মেৰামতিৰ বাবে পর্যাপ্ত পৰিমাণৰ পুঁজি ধার্য কৰা নাছিল বিগত বাজেটত বিভাগটোৰ আঁচনিৰ ৰূপায়ণ আৰু মেৰামতিৰ বাবে পর্যাপ্ত পৰিমাণৰ পুঁজি ধার্য কৰা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যৰ জলসিঞ্চন বিভাগ চলি আছে । এনে প্রেক্ষাপটত এতিয়া ৰাজ্য চৰকাৰৰ পুঁজিৰে জলসিঞ্চনৰ নতুন আঁচনি নির্মাণ কৰা বা বিকল আঁচনি মেৰামতি কৰা কাৰ্য অসম্ভৱ হৈ পৰিছে ।
বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি প্রধানমন্ত্রী কৃষি সিঁচাই যােজনাৰ বাহিৰে আন জলসিঞ্চনৰ আন আঁচনিৰ নামত পুঁজি আৱন্টন হােৱা নাই । যাৰ বাবে মেৰামতিৰ অভাৱত ইখনৰ পাছত সিখনকৈ আঁচনি বন্ধ হৈ পৰিছে ।
লগতে পঢ়ক:Women's reservation Bill : ‘‘নাৰী শক্তি বন্দন অধিনিয়ম’’ক মহিলাৰ মাজত বিক্ৰী কৰিছে সদাগৰে; মীৰা বৰঠাকুৰ