অসম

assam

ETV Bharat / state

Agriculture Review meeting: বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণৰ নিৰ্দেশ মন্ত্রী অতুল বৰাৰ - বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণ

জনতা ভৱনত কৃষি বিভাগৰ পৰ্যালোচনা বৈঠকত সংশ্লিষ্ট বিষয়াসকললৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ(Agriculture Review meeting) । কৃষকে সময়মতে লাভ কৰিব লাগিব গুণগত মানৰ বীজ । প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ মন্ত্ৰীৰ । পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভতো পৰ্যালোচনা ।

Agriculture Review meeting held in Janata bhawan
Agriculture Review meeting: বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণৰ নিৰ্দেশ মন্ত্রী অতুল বৰাৰ

By

Published : Oct 12, 2022, 1:22 PM IST

গুৱাহাটী,১১ অক্টোবৰ:গুণগত মানৰ বীজ বিতৰণ সুনিশ্চিতকৰণৰ লগতে বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ বিষয়াসকললৈ নিৰ্দেশ প্ৰদান কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই । মংগলবাৰে জনতা ভৱনত(Janata Bhawan) কৃষি বিভাগৰ এক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰি সংশ্লিষ্ট বিষয়াসকললৈ মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ প্ৰদান কৰে (Agriculture Review meeting)। বৰাই কয় যে অসমৰ অৰ্থনীতি মুখ্যতঃ কৃষি নিৰ্ভৰশীল আৰু ৰাজ্যখনৰ অধিকাংশ লোক কৃষিখণ্ডৰ সৈতে জড়িত হৈ আছে । সেয়েহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত কৃষি বিভাগৰ অধীনৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে(Assam CM himanta biswa sarma) ।

Agriculture Review meeting: বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণৰ নিৰ্দেশ মন্ত্রী অতুল বৰাৰ

লগতে কৃষি উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্যৰ কৃষকসকলক গুণগত মানৰ বীজ সময়মতে বিতৰণ কৰাৰ দিশতো অগ্ৰাধিকাৰ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় । বৈঠকত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা শীৰ্ষক অভিলাষী আঁচনি দুখনৰ শেহতীয়া ৰূপায়ণ স্থিতিৰ সবিশেষ বুজ লয় মন্ত্ৰী বৰাই । লগতে তেওঁ কৃষকসকলৰ সুবিধাৰ্থে আঁচনি দুখনৰ কাম-কাজসমূহ ক্ষিপ্ৰতাৰে সমাপন কৰিবলৈ বিষয়াসকললৈ নিৰ্দেশনা দিয়ে ।

তদুপৰি, NFSM, RIDF, CMSGUY, SMAM, HMNEH, NMEO-Oil Palm, MOVCD-NER আদি কৃষি আঁচনিসমূহৰ ৰূপায়ণ স্থিতি আৰু সাৰৰ উপলব্ধতা সন্দৰ্ভতো বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী । বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক অনন্তলাল জ্ঞানী প্ৰমুখ্যে সংশ্লিষ্ট বিভিন্ন দায়িত্বত থকা জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল । আনহাতে মন্ত্ৰী বৰাই জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভাগীয় বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আন এক বৈঠকত মিলিত হয় (Agriculture minister Atul Bora)।

Agriculture Review meeting: বীজ বিতৰণ ব্যৱস্থাটো কঠোৰভাৱে নিৰীক্ষণৰ নিৰ্দেশ মন্ত্রী অতুল বৰাৰ

বৈঠকত সংশ্লিষ্ট বিষয়াসকলক জনসাধাৰণৰ সুবিধাৰ্থে সকলো কাম দ্ৰুতগতিত সম্পাদন কৰিবলৈ মন্ত্ৰী অতুল বৰাই নিৰ্দেশনা প্ৰদান কৰে । বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত-সচিব জয়ন্ত নাৰ্লিকাৰ, সচিব অভিজিত বৰুৱা, অতিৰিক্ত সচিব অনিল দেউৰী, যুটীয়া সচিব অঞ্জনাভ চলিহা, ময়ূৰী ওজা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালিকা দীপালী দেৱী, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শৰ্মা প্ৰমুখ্যে চৰকাৰী বিষয়াসকল বৈঠকত উপস্থিত আছিল ।

লগতে পঢ়ক:Lavita drama controversy : লভিতাৰ নতুন নাম কি হ'ব ?

ABOUT THE AUTHOR

...view details