অসম

assam

ETV Bharat / state

Golden Jubilee Agardoot Paper : চলিত বৰ্ষৰ পৰা প্ৰদান কৰা হ’ব ‘‘অগ্ৰদূত সাংবাদিক বঁটা’’ - Agradoot journalist award

ডিচেম্বৰ অথবা জানুৱাৰীত অনুষ্ঠিত হ’ব অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান (Closing ceremony of Golden Jubilee of Agardoot Paper) ৷ সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংবাদেমেল আয়োজন কৰি এই কথা সদৰি কৰে সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ড৹ দয়ানন্দ পাঠক আৰু ‘অগ্ৰদূত’ৰ সম্পাদক কনকসেন ডেকাই ৷

Golden Jubilee Agardoot Paper
অগ্ৰদূতৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে দুই লাখ টকাৰ সাংবাদিক বঁটা প্ৰদান কৰা হ’ব

By

Published : Jul 25, 2022, 10:41 PM IST

গুৱাহাটী, 25 জুলাই :52 বৰ্ষত ভৰি দিয়া ‘অগ্ৰদূত’ বাতৰি কাকতৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী ৰূপায়নৰ বাবে সাজু হৈছে উদ্‌যাপন সমিতি । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ড৹ দয়ানন্দ পাঠক আৰু ‘অগ্ৰদূত’ৰ সম্পাদক কনকসেন ডেকাই তেওঁলোকৰ বৰ্ষজোৰা কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে ।

তেওঁ লগতে চলিত বৰ্ষৰ পৰা অগ্ৰদূত সাংবাদিকতাৰ বঁটা প্ৰদানৰ কথাও সদৰি কৰে (Agradoot journalist award) । সম্পাদক ডেকাই ‘অগ্ৰদূত' প্ৰকাশৰ লগত থকা তেওঁৰ অভিজ্ঞতা আৰু উপলব্ধি বিষয়েও সংবাদমেলত সদৰি কৰে । সাংবাদিক জীৱনৰ দীৰ্ঘ পৰিক্ৰমাৰ উপলব্ধিৰে ডেকাই প্ৰকাৰান্তৰে এই আক্ষেপো কৰে যে, অসমৰ সাংবাদিকতাই পূৰ্বৰ গৰিমা হেৰুৱাইছে ।

উল্লেখ্য যে, যোৱা 6 জুলাইত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ পৰা ‘অগ্ৰদূত’ৰ সোণালী জয়ন্তী উদযাপনৰ আৰম্ভণি কৰিছিল (PM inaugurated Golden Jubilee celebrations of Agradoot group) । সেই বৰ্ণিল অনুষ্ঠানৰ পাচত আজি সম্পাদক ডেকা আৰু উদ্‌যাপন সমিতিৰ সভাপতি ড৹ পাঠকে সদৰি কৰা অনুসৰি, সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি কেইবাটাও খণ্ডত ‘‘অর্ধশতিকাৰ দাপোণ’’ নামেৰে এলানি গ্ৰন্থৰ লগতে এখন স্মৃতিগ্ৰন্থও বছৰটোৰ ভিতৰত প্ৰকাশ কৰা হ'ব ।

তদুপৰি কেইবাটাও বিষয়ৰ ওপৰত তিনিদিনীয়াকৈ এলানি আলোচনা চক্ৰও এই সময়ছোৱাত অনুষ্ঠিত হ'ব । ইয়াৰ লগতে সুস্থ সাংবাদিকতাৰ পৰিৱেশ সৃষ্টিৰ উদ্দেশ্য লৈ এক কৰ্মশালাৰো আয়োজন কৰা হ'ব । এই অনুষ্ঠানৰ আঁত ধৰি সাংবাদিকক বঁটা প্ৰদানৰ এক কাৰ্যসূচীও আজি ঘোষণা কৰা হয় ।

সম্পাদক ডেকাই কয়, দুই লাখ টকাৰ এই বঁটাটো প্ৰদান কৰা হ'ব । এই বছৰৰ পৰাই বঁটা প্ৰদান আৰম্ভ হ'ব ৷ প্ৰসংগক্ৰমে ডেকাই উল্লেখ কৰে যে, সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অহা ডিচেম্বৰ অথবা জানুৱাৰীত কলাক্ষেত্ৰত আয়োজনৰ লক্ষ্য লোৱা হৈছে ।

লগতে পঢ়ক :River Erosion at Darrang : খহনীয়াগ্ৰস্ত ৰাইজৰ ক্ষোভৰ বলি হ’ল বিধায়ক অমিনুল ইছলাম

ABOUT THE AUTHOR

...view details