গুৱাহাটী, ২৭ এপ্রিল:আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিজা নিজা ৰণকৌশলেৰে সাজু হৈছে ৰাজনৈতিক দলসমূহ (Lok Sabha Election 2024) । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয়েৰে মাজত বৃদ্ধি পাইছে তৎপৰতা । ইফালে থমকি ৰোৱা নাই বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপ দলো (AGP preparation for Lok Sabha polls 2024) । মিত্রদল বিজেপিয়ে কেইটা সমষ্টি এৰি দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও অগপই সমাগত নির্বাচনক কেন্দ্ৰ কৰি ব্যাপক সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে (AGP BJP alliance for Lok Sabha polls) ।
লক্ষ্যণীয় বিষয় যে, অগপই ইতিমধ্যে মিত্ৰদল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছৰ দখলত থকা মঙলদৈ, তেজপুৰ, কলিয়াবৰ আৰু নগাঁৱত লোকসভা সমষ্টি ভিত্তিত একোখনকৈ বৃহৎ কর্মকর্তা সন্মিলন অনুষ্ঠিত কৰিছে । এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ বাবে অগপই ৰণকৌশল প্ৰস্তুত কৰিব । ২৮ এপ্ৰিল অৰ্থাৎ শুকুৰবাৰে অগপই গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আন এখন বিশাল কর্মকর্তা সন্মিলনৰ প্ৰস্তুতি চলাইছে (AGP workers meet in Guwahati) ।
ইফালে দখলত নথকা ১১ টা সমষ্টিক লৈ ৰণকৌশল যুগুত কৰিবলৈ আজিৰে পৰা বিৰোধী কংগ্ৰেছে দুদিনীয়াকৈ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে । এই বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্র সিঙে অংশগ্রহণ কৰিছে । সিঙে কংগ্ৰেছৰ আহ্বানত ৰাজ্যৰ দহটা বিৰোধী ৰাজনৈতিক দলৰ সৈতেও বৈঠকত মিলিত হ’ব । কংগ্ৰেছৰ এনে তৎপৰতাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দল অগপই লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ চলোৱা তৎপৰতাৰ অংশ হিচাপে শুকুৰবাৰে কর্মকর্তা সন্মিলন অনুষ্ঠিত কৰিব ।