অসম

assam

ETV Bharat / state

Constituency Delimitation: নিৰ্বাচন আয়োগক কি কি দাবী জনালে অগপ আৰু ইউপিপিএলএ ? - অতুল বৰা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক লৈ নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে শুনানি ৷ অগপ আৰু UPPLয়েও নিৰ্বাচন আয়োগৰ শুনানিত অংশগ্ৰহণ কৰি নিজৰ স্থিতি প্ৰকাশ কৰাৰ লগতে কেইবাটাও দাবী জনায় ৷

Constituency Delimitation
Constituency Delimitation

By

Published : Jul 20, 2023, 10:10 PM IST

নিৰ্বাচন আয়োগক কি কি দাবী জনালে অগপ আৰু ইউপিপিএলয়ে ?

গুৱাহাটী, 20 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ শুনানিত অগপৰ সভাপতি অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, ‘‘২০০১ চনৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো আদৰণি জনাইছোঁ । সমষ্টি পুনৰ নিৰ্ধাৰণ মতে বকো বিধানসভা ‌সমষ্টিৰ নাম বকো-ছয়গাঁও কৰিবৰ বাবে নিৰ্বাচন আয়োগক দাবী কৰিছো । আমগুৰি সমষ্টি নামটো আগৰ দৰে থকাটো বিচাৰিছো । ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি থকাটো বিচাৰিছো ।’’

আয়োগক কলিয়াবৰ সমষ্টিৰ আকাৰৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনোৱা হৈছে বুলিও মন্তব্য কৰে অতুল বৰাই ৷ ভৱনীপুৰ আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ নাম সলনি নকৰিবলৈ আয়োগক দাবী জনোৱা হৈছে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

ইফালে, বৃহস্পতিবাৰৰ শুনানিত UPPLয়েও অংশগ্ৰহণ কৰি নিজৰ ওজৰ-আপত্তি নিৰ্বাচন আয়োগক অৱগত কৰে ৷ ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰা ইউ পি পি এলৰ (UPPL) নেতা প্ৰমোদ বড়োৱে কয়, ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা মতে BTC এলেকাত 15 টা বিধানসভা ‌সমষ্টি কৰাৰ বাবে আয়োগক ধন্যবাদ জনাইছো ৷’’

‌লগতে কোকৰাঝাৰ‌ লোকসভা সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ‌ বাবে আয়োগক দাবী জনোৱা বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে । তেওঁ কয়, ‘‘2003 চনৰ BTC চুক্তিমতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ হ'লে বি টি চিত দুটা লোকসভা সমষ্টি হ’ব লাগে ৷ গতিকে ওদালগুৰি লোকসভা সমষ্টি হিচাবে নামাকৰণ কৰাৰ দাবী জনাইছো ৷’’ গোৰ্বধনা সমষ্টিটো মানাহ হিচাবে নামাকৰণ কৰা দাবী কৰাৰ কথা উল্লেখ কৰি বড়োলেণ্ডত অনুসূচিত জনজাতিৰ বাবে বেছি আসন সংৰক্ষণ‌ বৃদ্ধি ‌কৰাৰ বাবে দাবী কৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷

উল্লেখযোগ্য যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে এই ৰাজহুৱা শুনানী । যোৱা 19 জুলাইৰ পৰা আৰম্ভ হৈছে এই শুনানী । 21 জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে হ’ব এই ৰাজহুৱা শুনানি ৷

লগতে পঢ়ক:Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details